গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ সন্ধানহীন দুজন... 
ধেমাজি

গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ সন্ধানহীন দুজন...

Asomiya Pratidin
  • ৰাজ্যত এটাৰ পাছত এটাকৈ পুখুৰী, নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱাৰ খবৰ।

  • এইবাৰ গোগামুখত গা ধুবলৈ গৈ সন্ধানহীন দুজন।

  • গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ সন্ধানহীন হৈছে যুৱক দুজন।

  • গোগামুখৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত এই জলপ্ৰপাত।

  • প্ৰচণ্ডৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই জলপ্ৰপাতত এই কেইদিন হৈছিল ভিৰ।

  • আজিও গা ধুবলৈ গৈছিল বহু লোক।

  • তাৰ মাজতে সন্ধানহীন হ'ল দুজনকৈ যুৱক।

  • সন্ধানহীন দুই যুৱক ক্ৰমে গোগামুখৰ গোলাপ পেগু আৰু নামচাইৰ লংলেট লাওচা।

  • দুয়োৰে উদ্ধাৰ অভিযানত নামি পৰিছে এছ ডি আৰ এফ।

  • এতিয়াও সন্ধান নাই দুই যুৱকৰ।

  • পূৰ্বেও এই জলপ্ৰপাতত সন্ধানহীন হৈছিল যুৱক।