ধেমাজিত ম্যাদ যোৱা ঔষধ বিক্ৰীঃ বিষ্ণুপ্ৰিয়া ফাৰ্মাচীত লগালে তলা... 
ধেমাজি

ধেমাজিত ম্যাদ যোৱা ঔষধ বিক্ৰীঃ বিষ্ণুপ্ৰিয়া ফাৰ্মাচীত লগালে তলা...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজি: ধেমাজি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বুঢ়া আঙুলি দেখোৱাই ধেমাজি নগৰখনৰ অলিয়ে-গলিয়ে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীসমূহে জীৱনদায়িনী ঔষধৰ ভয়ানক বেপাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ উল্লেখ্য যে, মাহ, মাহ ধৰি ম্যাদ ওকলা ঔষধৰে ভৰি পৰা বুলি ধেমাজিৰ ইখনৰ পিছত সিখন ফাৰ্মাচীলৈ অভিযোগ উঠাৰ সময়তে শনিবাৰে ধেমাজি চাৰিআলিস্থিত বিষ্ণুপ্ৰিয়া ফাৰ্মাচীত কাৰ্টুনে কাৰ্টুনে ম্যাদ ওকলা ঔষধ উদ্ধাৰ হৈছে।

লখিমপুৰ জিলাৰ ড্ৰাগছ ইন্সপেক্টৰে এক অভিযান চলাই উক্ত ফাৰ্মাচীখনৰ পৰা ম্যাদ ওকলা ঔষধখিনি জব্দ কৰি ফাৰ্মাচীখনত তলা লগাই বন্ধ কৰি দিয়ে ৷ অভিযোগমতে বিগত মাহৰ ৩০ এপ্ৰিলত ধেমাজি নলিনীপামৰ বিনোদ গোৱালা যুৱকজনে নাৰ্ভৰ বেমাৰত ফাৰ্মাচীখনৰ পৰা ভিটামিন টেবলেটৰ ঔষধ ক্ৰয় কৰি খোৱাৰ পিছতেই মূৰ ঘূৰাই পৰি গৈছিল ৷

ৰোগীয়া যুৱকজনে বিষয়টো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সমিতিক অৱগত কৰা পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷ ৰোগীয়ে বিষ্ণুপ্ৰিয়া ফাৰ্মাচীৰ পৰা কিনা ঔষধ ড্ৰাগছ ইন্সপেক্টৰে শনিবাৰে আহি পৰীক্ষা কৰাৰ লগতে ম্যাদ ওকলি যোৱা ঔষধসহ হাতে-লোটে জব্দ কৰে ৷