ধেমাজি

ধেমাজিৰ যুৱ ব্যৱসায়ী নবীন দিহিঙীয়া মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ দেওবাৰে ধেমাজি ৪নং ৱাৰ্ডৰ ভেহপৰা নিবাসী যুৱ ব্যৱসায়ী নবীন দিহিঙীয়া(৪৬) মৃত্যু হয়। ডিব্ৰুগড় সঞ্জীৱনী নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱ ব্যৱসায়ীজনৰ ৷

উল্লেখ্য যে যোৱা ১৪জুনত হঠাতে হোৱা উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰলোকে ধেমাজি ব্যক্তিগত নাৰ্চিং হোম বি .চি. বি কেয়াৰত ভৰ্তি কৰে ৷ স্বাস্থ্য অৱনতি ঘটাত উন্নত চিকিৎসাৰ ডিব্ৰুগড়ৰ সঞ্জীৱনীত ভৰ্তি কৰাইছিল নবীন দিহিঙীয়াক৷

অতি সহজ সৰল যুৱ ব্যৱসায়ী নবীন দিহিঙীয়াৰ মৃত্যুৰ খৱৰে ধেমাজি নগৰৰ লগতে জন্মস্থান হাতীগড়তো গভীৰ শোকৰ ছাঁ পৰিছে৷ ইফালে দৈওবাৰে বিয়লি প্ৰায় ৫বজাত মৃতদেহ ধেমাজি আহি পোৱা পিছতেই আছুকে ধৰি বিভিন্ন দল সংগঠনৰ উপৰিও স্থানীয় বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উপস্থিত হৈ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনায় ৷ মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ সৈতে দুই কন্যা,ককায়েক,বাই,ভনীৰ লগতে পৰিয়ালৰ অনেকজনক ইহসংসাৰ এৰি থৈ যায় ৷