ধেমাজি

ধেমাজি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত 'যুৱ উৎসৱ'

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি: ধেমাজি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত 'যুৱ উৎসৱ'। গ্ৰামাঞ্চলৰ যুৱক-যৱতীসকলৰ প্ৰতিভাসমূহ বিকাশ আৰু আগুৱাই নিয়াৰ উদ্দেশ্য ধেমাজি নেহৰু যুৱ কেন্দ্ৰই যুৱক-যুৱতীসকলৰ মাজত বুধবাৰে এদিনীয়া কাৰ্য্যসূচীৰে বিভিন্ন প্ৰতিযোগিতাৰে “যুৱ উৎসৱ ”অনুষ্ঠিত কৰে ৷

ধেমাজি মহাবিদ্যালয় প্ৰাংগণৰ ধেমাজি শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰত অনুষ্ঠিত হোৱা যুৱ উৎসৱৰ আৰম্ভণিতে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷ শুভাৰম্ভণী অনুষ্ঠানত সাংসদ বৰুৱাই বক্তব্যত গ্ৰামাঞ্চলৰ উঠি অহা যুৱ-যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত ধেমাজি নেহৰু কেন্দ্ৰই লোৱা পদক্ষেপক তেওঁ শলাগ লয় ৷

লগতে তেওঁ বিভিন্ন স্থানৰ পৰা আহি অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক শুভেচ্ছা জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, ক্ৰীড়া বিভাগৰ বিষয়া যতীন বুঢ়াগোঁহাইয়ে ৷

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত কাকতি ,মৰিঢল মহাবিদ্যালয়ৰ অধ্যাপিকা জোনালী বৰুৱা ,ধেমাজি মহাবিদ্যালয়ৰ অধ্যাপিকাদ্বয় মালা ককিলা গগৈ, হীৰামনি শইকীয়া ,জ্যেষ্ঠ সাংবাদিক অসীম দত্ত ,শিল্পী জিতু গগৈ গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক দেবেশ্বৰ বৰুৱা আৰু ধেমাজিৰ যুগল সন্দিকৈয়ে ৷

ইয়াৰ আগে ধেমাজি নেহৰু কেন্দ্ৰৰ জিলা বিষয়া সুজতা ভৌমিকে আদৰনী ভাষণ প্ৰদান কৰে। যুৱ উৎসৱত পেইণ্টিং, কবিতা লিখা ,মোবাইল ফটোগ্ৰাফী ,বক্তিতা আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

উক্ত প্ৰতিযোগিতাসমূহৰ ক্ৰমে বক্তৃতা প্ৰতিযোগিতাত দিতুল কোচঁ ,লক্ষ্যজিৎ মিলি আৰু হিমান্ত দিহিঙীয়াই কবিতা লিখা প্ৰতিযোগিতাত সূৰ্য্য বাহাদুৰ চেত্ৰী ,অংকুৰ সোনোৱাল আৰু মূৰ্ৰচনা দত্তই পেইণ্টিঙ, ৰামানন্দ চুতীয়া, হৰেন শৰ্মা আৰু লোহিত প্ৰেমে স্থান লাভ কৰে ৷ ফটোগ্ৰাফী প্ৰতিযোগিতাত সুপ্ৰতীক চেতিয়া ,গোবিন গগৈ আৰু ভাৰ্গব প্ৰতিম বৰাই সাংস্কৃতিক প্ৰতিযোগিতাত ধেমাজি মহাবিদ্যালয়ৰ সাংস্কৃতিক গ্ৰুপ , ধেমাজি পাব্লিক একাডেমী বড়ো ডেন্স গ্ৰুপ আৰু ধেমাজি উচ্চতৰ মাধ্যমিকৰ সাংস্কৃতিক গ্ৰুপে স্থান লাভ কৰে।