ধেমাজি

শ্ৰী শ্ৰী ধূৱাহাট বেলগুৰি শাখা সত্ৰত যুৱকৰ ভাগৱত পাঠ আৰু সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : শংকৰ- মাধৱ সেৱা কেন্দ্ৰৰ উদ্যোগত দেওবাৰে উত্তৰ ধেমাজি শ্ৰী শ্ৰী ধূৱাহাট বেলগুৰি শাখা সত্ৰত দিনজোৰা কাৰ্য্যসূচীৰে শংকৰ-মাধৱ আধ্যাত্মিক সেৱা কেন্দ্ৰৰ মাহেকীয়া দেওবৰীয়া চ'ৰা ও যুৱকৰ ভাগৱত পাঠ ব্যাখাৰ লগতে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পৰে ৷ বৈদিক সনাতন সমাজ আৰু সত্ৰ মহাসভা অধীনত শংকৰ-মাধৱ সেৱা কেন্দ্ৰই যুৱ উশৃংখলতা দূৰ কৰা লক্ষ্যৰে ২০১৬ চনৰ পৰাই এই কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে ৷

কাৰ্য্যসূচী অনুসৰি পুৱা ৫ বজাত সত্ৰত বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷ পুৱা ৬ বজাত গছপুলি ৰোপন কাৰ্য্যসূচী সমাপন কৰে প্ৰকৃতি প্ৰেমী ধীৰেন মজুমদাৰ আৰু শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ পৰিচালক বাবুল চন্দ্ৰ বৰাই ৷

পুৱা ৮ বজাত বৰগীত ,লোকগীত আৰু দিহা নামেৰে ভকত সকলক আদৰণি জনায় ৷ ৯ পুৱা শৰাই স্থাপনৰ পিছতেই শান্তিপুৰ মাজগাওঁৰ বেলগুৰি সত্ৰৰ সত্ৰীয়া বৈষ্ণৱ বিকু লেখাৰুৱে নাম প্ৰসংঙ্গ অনুষ্ঠিত কৰে ৷

পুৱা ১০ বজাত ভাগৱত পাঠৰ পিছতেই পুৱা ১১ বজাত শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ জিলা সভাপতি অনিল শৰ্মাই ভাগৱত ব্যাখ্যা কৰে ৷ বিয়লি বিয়লি ২ বজাত শংকৰ-মাধৱ সেৱা কেন্দ্ৰৰ জিলা সভাপতি অনিল শৰ্মাৰ পৰিচালনাত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত ভকত বৈষ্ণৱসকলে বৰ্তমান সমাজ ব্যৱস্থাৰ যুৱ উশৃংলতাক আধ্যাত্মিক জ্ঞান দৰ্শনৰ জৰিয়তে আগুৱাই নিয়া সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। বক্তব্য প্ৰদান কৰে- শিক্ষক তথা সৈৱ মহাসংঘৰ কেন্দ্ৰীয় সম্পাদক দিপাংকৰ বৰা , পাঁচ আলি প্ৰাথমিক শাখা শ্ৰীমন্ত শংকৰ সংঘৰ বাবুল সন্দিকৈ ,শান্তিপুৰ মাজগাওঁৰ শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ সম্পাদক সুশীল বৰা , শিক্ষক অজিত চুতীয়া , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহিৰাম বৰুৱা আৰু প্ৰকৃতি প্ৰেমী ধীৰেন মজুমদাৰকে ধৰি বহু কেইগৰাকী লোকে ৷

অনুষ্ঠানৰ শেষত চমৰাজানৰ প্ৰতিষ্ঠা চুতীয়া নেতৃত্বত ভোৰ তাল নৃত্য প্ৰদৰ্শন কৰা হয় ৷