অসম

ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ডি বি টি ষ্টাৰ কলেজৰ পাঠ্যক্ৰমৰ অধীনত ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে এখন কৰ্মশালা অনুষ্ঠিত হৈছে। "মৌলিক জৈৱ তথ্যবিজ্ঞানৰ সঁজুলি আৰু কৌশল(BASIC BIOINFORMATICS TOOLS AND TECHNIQUES)" বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত কৰ্মশালা খনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই।

প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ পূৰ্ণিমা দাস বৰাই আঁতধৰা শুভাৰম্ভ অনুষ্ঠানটিত অধ্যক্ষ ড০ বিমান হাজৰিকাই "ডি বি টি ষ্টাৰ কলেজৰ পাঠ্যক্ৰমৰ অধীনত মহাবিদ্যালয়খনত অনুষ্ঠিত এই প্ৰথমটো কৰ্মশালাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যয়নৰ বিষয়বস্তু বোধগম্য হোৱাৰ লগতে আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰে।

ধিং মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক তথা ডি বি টি ষ্টাৰ কলেজৰ মুখ্য পৰ্যবেক্ষক ড০ মনোজ কুমাৰ শইকীয়াই মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা কৰ্মশালা খনিত এএনচি'ৰ তথ্য সংগ্ৰহৰ পৰামৰ্শদাতা(consultant data collection of ANC) ড০ ৰিজুৱান হুছেইন, ভাৰত চৰকাৰৰ অধীনস্থ NIELIT and mietyৰ বায়ইনফৰমেটিকচ(BIOINFORMATICS) অধ্যাপক ড০ নৱজ্যোতি গোস্বামী আৰু ড০ চন্দামিতা গোস্বামীয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাৰ আজিৰ সমগ্ৰ কাৰ্যসূচীত ড০ উজ্বয়ন্ত দাস, প্ৰনীতা বৰাকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা সকল উপস্থিত থাকে।