অসম

NDFB ৰ প্ৰায় ৩ হাজাৰ সদস্য কিন্তু চৰকাৰে সৃষ্টি কৰিলে ১২,০০০: ধীৰেণ বড়ো

asomiyapratidin

ডিজিটেল সংবাদ,বাক্সা: বাক্সাৰ লক্ষীবজাৰত NDFB ৰ প্ৰাক্তন সভাপতি ধীৰেন বড়োৰ বিস্ফোৰক মন্তব্য। তেওঁ কয় যে NDFB ৰ সদস্য আছিল মাত্ৰ তিনি হাজাৰ বা চাৰে তিনি হাজাৰ কিন্তু সংস্থাপনৰ নামত চৰকাৰে সৃষ্টি কৰিলে ১২০০০ NDFB সদস্য।

প্ৰায় ৮-৯ হাজাৰ ভূৱা NDFB সদস্য সৃষ্টি কৰা হৈছে বুলি বিস্ফোৰক মন্তব্য ধীৰেন বড়োৰ। শীঘ্ৰেই বি টি আৰ বৃহৎ ৰাজনৈতিক পৰিবৰ্তনৰ ইঙ্গিত দিলে ধীৰেন বড়োয়ে।

লগতে কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত শীঘ্ৰেই পট পৰিৱৰ্তন হ'ব । বি টি আৰ চুক্তিৰ অন্যতম প্ৰাক্তন NDFB নেতা ধীৰেন বড়ো বৰ্তমান বি পি এফ নেতা।

প্ৰমোদ বড়ো চৰকাৰক লৈ প্ৰাক্তন NDFB সকল সুখী নহয় বুলি ও মন্তব্য তেওঁৰ। বাক্সাৰ লক্ষীবাজাৰত অনুষ্ঠিত যুৱ বি পি এফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ধীৰেন বড়োয়ে।

প্ৰমোদ বড়োৰ চীফৰ চকী বেছি দিন নাই বুলি মন্তব্য কৰি এগৰাকী বিটিচি চৰকাৰৰ পাৰিষদে মুকলি ভাৱে সমৰ্থন দিয়া বুলি মন্তব্য কৰে ।