অসম

ধুবুৰীৰ প্ৰাৰ্থী শুকুৰ আলীক হাস্পতালত ভৰ্তি

Asomiya Pratidin
  • ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী শুকুৰ আলীক হাস্পতালত ভৰ্তি।

  • বৃহস্পতিবাৰে শুকুৰক গোৱালপাৰাৰ ফ্লেৰেঞ্চ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

  • জানিব পৰামতে শুকুৰ আলীৰ আজি অস্ত্ৰোপচাৰ হোৱাৰ সম্ভাৱনা।

  • অৱশ্যে কি ৰোগত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ'বলগীয়া হৈছে সেই সন্দৰ্ভত এতিয়ালৈ জানিব পৰা হোৱা নাই।

  • বিগত দুই-তিনি মাহৰ পৰা অসুস্থ হৈ আছিল যুৱ ৰাজনীতিক শুকুৰ আলী।

  • উল্লেখ কৰা প্ৰয়োজন যে সদ্য সমাপ্ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল শুকুৰ আলী।

  • ধুবুৰী লোকসভা সমষ্টিৰ পৰা অসম গণ মৰ্চা দলৰ সমৰ্থনত প্ৰতিদ্বন্বিতা আগবঢ়াইছিল শুকুৰ আলীয়ে।