ধুবুৰী

যৌন নিৰ্যাতনৰ অভিযোগত হালাকুৰাত আক্ৰাছু নেতাক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ হালাকুৰাত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক অপদস্থ কৰাক লৈ শনিবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাতৰি মতে হালাকুৰা আক্ৰাছুৰ আঞ্চলিক সভাপতি নৰেশ চন্দ্ৰ ৰায় ওৰফে পাইঙাই শনিবাৰ আবেলি প্ৰায় তিনি বজাত হালাকুৰা জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক প্ৰত্যক্ষ কৰে। টিউচনৰ পৰা ঘৰলৈ যোৱাৰ সময়তে হালাকুৰা আক্ৰাছুৰ আঞ্চলিক সভাপতি নৰেশ চন্দ্ৰ ৰায়ৰ হোটেলত আহি ছাত্ৰীজনে কান্দি থকা থকা প্ৰত্যক্ষ কৰাত ছাত্ৰীগৰাকীৰ কান্দেনৰ কাৰণ জানিব বিচাৰে।

মানৱীয়তাৰ খাতিৰত সভাপতি নৰেশ চন্দ্ৰ ৰায়ে জানিবলৈ চেষ্টা কৰে যদিও ছাত্ৰীগৰাকীয়ে স্পষ্টকৈ কোন উত্তৰ নিদিয়াকৈ ঘৰলৈ উভতি যায় । পৰৱৰ্তী সময়ত এদল লোকে আহি ছাত্ৰী গৰাকীৰ ওপৰত সভাপতি নৰেশ চন্দ্ৰ ৰায়ে যৌন নিৰ্যাতন কৰা বুলি অভিযোগ উত্থাপন কৰে। লগতে ৰাইজে সভাপতিগৰাকীক আগুৰি ধৰাৰ লগতে ঘাইপথ অৱৰোধ কৰে।

ৰাইজে হালাকুৰা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলাৰ লগতে ৰাইজে গোট খাই নৰেশক উত্তম-মধ্যম দি হালাকুৰা আৰক্ষীক ছাত্ৰ নেতাগৰাকীক চমজাই দিয়ে। কিন্তু হালাকুৰা আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ নেতাগৰাকীক ৰক্ষণাবেক্ষণ দিয়াত শতাধিক লোকে হালাকুৰা আৰক্ষী চকী ঘেৰাও কৰে । ইয়াৰ উপৰি হালাকুৰা আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি আৰক্ষী চকীৰ সম্মুখতে ১৭নম্বৰ ঘাইপথ অৱৰোধ কৰে ।

পিছত আৰক্ষী চক্ৰ বিষয়া, গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতা, আগমনি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি মিলি উপস্থিত হৈ ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । যাৰ বাবে প্ৰায় এক ঘন্টা ধৰি হালাকুৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ।

আক্ৰাছু নেতা নৰেশ চন্দ্ৰ ৰায়ক সাময়িকভাৱে দলৰ পৰা অব্যাহতি দি ঘটনাৰ উচিত তদন্তৰ দাবী জনায় জিলা আক্ৰাছুৰ সভাপতি মুকুল ৰায়ে । মুকুল ৰায়ে মঙলবাৰে আগমনিত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই ঘোষণা কৰে। নৰেশ ৰায়ে ষড়যন্ত্রৰ বলি হৈছে বুলি সভাপতিয়ে সংবাদ মেলত মন্তব্য কৰে।

আনহাতে এই সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নৰেশক গ্ৰেপ্তাৰ কৰি শনিবাৰ নিশাতে গোলকগঞ্জ থানালৈ নিয়ে।কালি গোলকগঞ্জ আৰক্ষীয়ে নৰেশ ৰায়ক ধুবুৰী আদালতত হাজিৰ কৰি জেল হাজোত প্ৰেৰণ কৰে।

আনহাতে নৰেশ ৰায়ৰ লগত আৰক্ষী চকীটোৰ আৰক্ষী কনিষ্টবল হেমেন ৰায়ে মদ্যপান কৰা বুলি হেমেনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাত তেওঁক ৰিজাৰ্ভ ক্লজ কৰে বুলি জানিব পৰা গৈছে।