ধুবুৰী

ভোলানাথ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী চহৰত স্বাধীনতাৰ আগতে প্ৰতিষ্ঠা লাভ কৰা ভোলানাথ মহাবিদ্যালয়খনে বিভিন্ন সংঘাত,ঢৌ-ধুমুহা অতিক্ৰমী ৭৮টা বছৰ অতিক্ৰম কৰি উচ্চ শিক্ষা বিস্তাৰৰ সবল গতিৰে আগবাঢ়ি গৈ আছে। প্ৰতিষ্ঠা কালতে যিসকল পুৰোধা ব্যক্তিয়ে মহাবিদ্যালয়খনক এখন বিশ্বমানৰ মহাবিদ্যালয় ৰচনাৰ সপোন দেখিছিল; সেই সপোন যোৱাবেলি কিছুপৰিমানে পূৰণ হ'ল ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদে মহাবিদ্যালয়খনক এপ্লাছ মহাবিদ্যালয় হিচাপে স্বীকৃতি প্ৰদানেৰে।

ইয়াৰ লগে লগে বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক স্বায়ত্বশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰি ভোলানাথ মহাবিদ্যালয়ৰ সোণসেৰীয়া জয়যাত্ৰাক আৰু এখোজ আগবঢ়াই লৈ গ'ল। ভোলানাথ মহাবিদ্যালয় স্বায়ত্ব শাসন প্ৰদানৰ প্ৰথমখন নৱাগত আদৰণী সভা ১৪ ছেপ্টেম্বৰত মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীতা বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰা হয়। বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীৰ ৰচনা আৰু সুৰাৰোপিত মহাবিদ্যালয় সংগীত পৰিবেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে।

আদৰণী ভাষণ প্ৰদান কৰে ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীতা বৰাই। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে অসমৰ প্ৰখ্যাত সংগীত শিল্পী তথা সাহিত্যিক লোকনাথ গোস্বামীয়ে।

তেখেতে গীত আৰু কথাৰে আমাৰ সমাজত সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ কথা দোহাৰে। আমি এইখন সমাজত সকলো জাতি -জনগোষ্ঠীয়ে অসমখনত শান্তিৰ পৰিবেশ ৰচনা কৰিব লাগিব। আমি গহপুৰ, তেজপুৰৰ কথা কৈ থাকিলেই নহ'ব; ধুবুৰী, গৌৰীপুৰৰ কথাও ক'ব লাগিব আৰু এইবোৰ অঞ্চলৰো সঠিক উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব লাগিব। অনুষ্ঠানত লোকনাথ গোস্বামীয়ে কেইবাটাও আপুৰুগীয়া গীত পৰিৱেশন কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ধুবুৰী চহৰৰ পৌৰপতি তথা বিশিষ্ট চিকিৎসক ডা০ দেৱময় স্যানাল। ভাষণ প্ৰসংগত ডা০ স্যানালে ছাত্ৰ -ছাত্ৰীসকলক জীৱন গঢ়াৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিব লাগিব বুলি কয়।

আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে ধুবুৰী জিলাৰ শিক্ষা বিষয়া আদিত শৰ্মাই। অনুষ্ঠানত ধুবুৰী চহৰৰ উপ-পৌৰপতি আইভিলতা ৰায় আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ ছাইদুল ইছলামে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সভাখনত ন-পুৰণি ছাত্ৰ -ছাত্ৰীসকলে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ পলী বেজৰুৱাই আঁত ধৰা অনুষ্ঠানটোত দিহানাম, সত্ৰীয়া নৃত্য, ৰবীন্দ্ৰ সঙ্গীত,গোৱালিনী নৃত্য, জিকিৰ -জাৰী, লোক সংগীত, আধুনিক গীত, বিহু -হুচৰি আদি পৰিবেশন কৰা হয়।

এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ উপেন্দ্ৰজিৎ শৰ্মা, ড০ হিতেনশৰ্মা ,ড০ নুৰ হুছেইন , সুদৰ্শন ৰয়, আবদুল্লাহ, ড০ ৰেজিবুল আলম, ড০ দীপংকৰ মল্লিক, তাহেৰুল হক, ড০ কৰুণা কান্ত দাস, ড০ মৌচুমী ভট্টাচাৰ্য, ড০ অলকা শৰ্মা, ৰবীন্দ্ৰ দাস, ড০ নিত্যানন্দ বৰ্মনকে প্ৰমুখ্যে কৰি শতাধিক অধ্যাপক -অধ্যাপিকা, কৰ্মচাৰীবৃন্দ আৰু দুই সহস্ৰাধিক ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণে নৱাগত আদৰণী সভাখন আনন্দমুখৰ কৰি তোলে। আবেলিপৰত সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে।