ধুবুৰী

টিপকাই নৈত উদ্ধাৰ সন্ধানহীন শিশুৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ পশ্চিম বিলাসীপাৰাৰ কাউনবাৰীৰ টিপকাই নৈত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয়। দেওবাৰে পুৱা নৈখনত মৃতদেহটো ওপঙি থকা অৱস্থাত প্রত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। এই মৃতদেহটো নুৰ আখতাৰা নামৰ এটি শিশুৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শনিবাৰে নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল এই শিশুটি। বহু চেষ্টাৰ পাছতো শিশুটিৰ কোনো সন্ধান পোৱা নাছিল পৰিয়ালে। ইফালে আজি পুৱা টিপকাই নৈত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে,  ধুবুৰীৰ কাউনীবাৰী সমীপৱৰ্তী সাধুৰ বজাৰ টিপকাই নদীত সংঘটিত হৈছিল এই নাও দুৰ্ঘটনা। এখন বিবাহ যাত্ৰী কঢ়িওবা যন্ত্ৰ চালিত নাও আৰু ৰলাৰ উঠোৱা দুখন নাওৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।