ধুবুৰী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো বুঢ়া আঙুলি চাপৰ পৌৰসভা আৰু গড়কাপ্তানী বিভাগৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চাপৰঃ চাপৰ পৌৰ সভাৰ গাতে লাগি থকা এটা পথৰ দূৰৱস্থাৰ বাবে যমৰ যাতনা ভুগিছে স্থানীয় ৰাইজৰ লগতে দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘুনিমাৰী সংযোগী ব্যস্ততাপূৰ্ণ পথটোৰ ১৫ ফুট ঠাই বৰষুণৰ ফলত বোকাময় হৈ পৰে ফলত কেতিয়াবা বাইক পিছলি পৰে নাইবা কেতিয়াবা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা ই-ৰিক্সা বাগৰি পৰে।

এনে সৰু সুৰা দুৰ্ঘটনাত সমান্য পৰিমাণে বহুলোক আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও এগৰাকী ছাত্ৰীৰ হাত ভাঙে বুলি জানিব পৰা যায়। কিন্তু পৌৰ সভাৰ নিলগত থকা পথটোৰ দূৰ-অৱস্থা চকুত নপৰে চাপৰ পৌৰ সভাৰ পৌৰপতিৰ লগতে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ।

অৱশেষত এনে অৱস্থা দেখি চাপৰৰ ইব্ৰাহিম খলিল আনছাৰী নামৰ এজন সচেতন যুৱকৰ নেতৃত্বত একাংশ যুৱকে পথটোৰ মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰে। ইয়াৰ উপৰি লগতে লাগি থকা ফুটপাথৰ গাঁত এটা মেৰামতি কৰিবলৈ দায়িত্ব লোৱা পৰিলক্ষিত হয়। যুৱক কেইজনৰ এনে কামক সচেতন মহলে প্ৰসংশা কৰাৰ বিপৰীতে চাপৰ পৌৰ সভা আৰু গড়কাপ্তানী বিভাগক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।