চাপৰ-শালকোচা শিক্ষা খণ্ডত চৰকাৰী ধন হৰলুকিৰ চেষ্টা... 
ধুবুৰী

চাপৰ-শালকোচা শিক্ষা খণ্ডত চৰকাৰী ধন হৰলুকিৰ চেষ্টা...

Asomiya Pratidin

ডিজিটেল সংবাদ চাপৰঃ ধুবুৰী জিলাৰ চাপৰ-শালকোচা শিক্ষা খণ্ডত এক আজৱ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। যি সময়ত বিত্তীয় নাটনি হোৱাৰ বাবে শিক্ষানুষ্ঠান সমূহলৈ ৬০ শতাংশ ধনহে খৰছ কৰিবলৈ নিৰ্দেশনা আহিছে তেনে সময়তে অমনোযোগিতা আৰু খাম খেয়ালি ভাবে লাখ লাখ চৰকাৰী টকা খেলিমেলি হোৱা দেখিবলৈ পোৱা গৈছে চাপৰ শালকোচা শিক্ষাখণ্ডত।

অভিযোগ মৰ্মে চতুৰ শিক্ষা বিষয়া আৰু একাউনণ্টেণ্ট মিলি চৰকাৰৰ বিত্তীয় বিভাগক অন্ধকাৰত ৰাখি বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে চাপৰ শালকোচা শিক্ষা খণ্ডত প্ৰায় ৫২১জনতকৈ অধিক শিক্ষক কৰ্মৰত আছে।

চৰকাৰী নীতি অনুযায়ী প্ৰতি বছৰে শিক্ষক সকলৰ গ্ৰেড পে'ৰ ওপৰত ভিত্তি কৰি বছৰত এবাৰ মৌলিক দৰমহা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বছৰত দুবাৰকৈ দৈনিক ভাট্টা বৃদ্ধি হয়। চাপৰ শালকোচা শিক্ষা খণ্ডৰ চতুৰ বিষয়া আৰু একাউনটেন্ট মিলি চৰকাৰৰ পৰা তিনি শতাংশৰ পৰিৱৰ্তে ছয় শতাংশ মৌলিক দৰমহা উঠোৱাৰ অভিযোগ পোৱা গৈছে।

কেমেৰাৰ সন্মুখতে এই ভুলৰ কথা স্বীকাৰ কৰিছে চাপৰ শালকোচা শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া জিন্না আলমে। পিছে এয়া ভিল নে টকা ঘটোৱাৰ অভিসন্ধি তদন্ত কৰিলে হে ওলাই পৰিব।