ধুবুৰী

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ,ধুবুৰী : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে শুকুৰবাৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কয় যে সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰৰ মূল গীত যাক আমি ধ্যেয় গীত বুলি সম্বোধন কৰো, সেই গীতৰ মূল ট্ৰেকৰ আধাৰত জিলা ভিত্তিত দলগত নৃত্য প্রতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে।

অহা ২৫ আগষ্টত পুৱা ১০-০০ বজাৰ পৰা ধুবুৰী আৰক্ষী ছাউনি প্রেক্ষাগৃহত এই নৃত্য প্রতিযোগিতাৰ আৰম্ভনী কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব জানিবলৈ দিয়ে। জিলাখনৰ ১৮ টা দলে এই নৃত্য প্ৰতিযোগিতাত অংশ লোৱাৰ কথা।

এই প্রতিযোগিতাত বয়স অনুপাতে ক শাখা আৰু খ শাখা দুটা ভাগত ভাগ কৰা হৈছে বুলি তেঁও কয়। 'ক' শাখাৰ নামাকৰণ নেতাই ধুবুনী শাখা আৰু 'খ' শাখাক গদাধৰ শাখা হিচাপে নামাকৰণ কৰা হৈছে।

বয়সৰ সীমা ৮ বছৰৰ পৰা ১৪ বছৰলৈ আৰু আনটো শাখাৰ ১৫ বছৰৰ পৰা ২০ বছৰ লৈকে ধাৰ্য কৰা হৈছে । দুয়োটা শাখাৰ বিজয়ী দলক প্রথম, দ্বিতীয় আৰু তৃতীয় দলক 'প্রাইজমানী' হিচাপে ১১ হাজাৰ টকা, ৯ হাজাৰ টকা আৰু ৭ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।