ধুবুৰী

ধুবুৰীত আৰক্ষীৰ অভিযান: বস্তাই বস্তাই মেখেলা চাদৰ জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ আগমনিত চোৰাং মেখেলা চাদৰ সহ এখন বিলাসী বাহন জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জব্দকৃত বিলাসী বাহনখনৰ নম্বৰ হৈছে ডব্লিউ বি ৬৪ এএ /২৩৪৯।

বহি: ৰাজ্য পশ্চিমবংগৰ পৰা চোৰাং পথেৰে অমিত দাস নামৰ চালক এজনে চাৰিচকীয়া বিলাসী বাহন এখনত ভালে সংখ্যক বস্তাত মেখেলা চাদৰ বোজাই কৰি লৈ অসমত প্ৰৱেশ কৰে বিলাসী বাহনখন। বহি: ৰাজ্যৰ পৰা চোৰাং পথেৰে আগমনি হৈ গুৱাহাটীলৈ কঢ়িয়াই নিয়াৰ পথত আগমনি আৰক্ষীয়ে মঙলবাৰে নিশা বস্তা ভৰ্তি মেখেলা চাদৰসমূহ জব্দ কৰাৰ লগতে চালক অমিত দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত চালক অমিত দাসৰ ঘৰ পশ্চিমবংগৰ বালাভূতত বুলি জানিব পৰা গৈছে।