ধুবুৰী

বিধায়ক নুৰুল হুদাই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ জিলা জমিয়তৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই মানকাচৰৰ তিনি শতাধিক আলেম-উলামা কংগ্ৰেছত যোগদান কৰা বুলি দাবী কৰি অহাক লৈ শুক্ৰবাৰে মানকাচৰত জিলা জমিয়তে আজমলৰ হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়ত ধুবুৰী লোকসভা সমষ্টিৰ মানকাচৰত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে।

কংগ্ৰেছৰ হৈ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই বিগত প্ৰায় ১৫ দিন ধৰি মানকাচৰৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। বিধায়ক হুদাৰ নেতৃত্বত মানকাচৰৰ তিনি শতাধিক আলেম-উলামা কংগ্ৰেছত যোগদান কৰা বুলি কংগ্ৰেছী বিধায়কগৰাকীয়ে দাবী কৰি আহিছে।

এই ঘটনাকলৈ শুক্ৰবাৰে বিধায়ক আমিনুল ইছলামৰ বাসগৃহত জিলা জমিয়তে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। জিলাখনৰ প্ৰায় ৫ শতাধিক আলেম-উলামা জিলা জমিয়তৰ এই প্ৰতিবাদী সভাত উপস্থিত থাকি কংগ্ৰেছী বিধায়ক নুৰুল হুদা আৰু ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা জমিয়ত সাংসদ বদৰুদ্দিন আজমলৰ সৈতে পূৰ্বৰ পৰাই আছে আৰু থাকিব বুলি জিলা জমিয়তে এই প্ৰতিবাদী সভাৰ জৰিয়তে স্পষ্ট কৰি দিয়ে। লক্ষণীয় যে জিলা জমিয়তৰ প্ৰতিবাদী সভাত মানকাচৰৰ বিধায়ক আমিনু ইছলাম, জিলা জমিয়তৰ সভাপতি আব্দুল হান্নান কাছিমী আৰু সম্পাদক মৌলানা জাকিৰ হুছেইন মণ্ডল উপস্থিত থাকে।