হস্তী বিশেষজ্ঞ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান...  
ধুবুৰী

হস্তী বিশেষজ্ঞ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান...

গৌৰীপুৰ শাৰদ পত্ৰিকা গোষ্ঠীয়ে প্ৰদান কৰে এই বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰত আজি গৌৰীপুৰ শাৰদ পত্ৰিকা গোষ্ঠীৰ উদ্যোগত ২৩ সংখ্যক শাৰদ পত্ৰিকাটিৰ আজি উন্মোচন কৰা হয়। সেই উপলক্ষে আজি গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সভাত শাৰদ পত্ৰিকা উন্মোচন কৰে প্ৰখ্যাত হস্তী বিশেষজ্ঞ তথা গৌৰীপুৰৰ গৌৰৱ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাৰ লগতে গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱা, বিশিষ্ট সমাজ কৰ্মী বিমল ওচৱাল আৰু গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কল্যাণ দাসে।

মজিদূৰ ৰহমান সৰকাৰে আঁতধৰা সভাখনত পদ্মশ্ৰী পাৰ্বতী বৰুৱাক ফুলাম গামোচা, শৰাই, মানপত্ৰ আদিৰে সন্মানিত কৰাৰ লগতে এইবেলি গৌৰীপুৰ শাৰদ পত্ৰিকা গোষ্ঠীৰ ফালৰ পৰা তেঁওক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়।

বঁটা গ্ৰহণ কৰি তেওঁ নিজ জন্ম স্থানত বঁটা লাভ কৰি আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে । উক্ত অনুষ্ঠানত প্ৰীতম চৌধুৰী, দিগন্ত বিশ্বাস,শিবাশিষ চেটাৰ্জী আদি প্ৰায় শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে গৌৰীপুৰ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰা পাৰ্বতী বৰুৱাই গৌৰীপুৰ ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। বৰ্তমান পাৰ্বতী বৰুৱা গুৱাহাটীতে স্থায়ী ভাৱে বসবাস কৰি আছে।