২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ... 
ধুবুৰী

২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ...

মধুপুৰ, উত্তৰ বংগ সত্ৰ-নামঘৰ সমন্বয়ৰক্ষী সমিতি গঠন

Asomiya Pratidin

ডিজিটে সংবাদ ধুবুৰীঃ অসমীয়া জাতিক বিশ্বত প্ৰতিষ্ঠা কৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পৱিত্ৰ তীৰ্থভূমি কোচ বিহাৰৰ মধুপুৰ সত্ৰত পূৰ্বৰ দৰেই এই বছৰো অহা ২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব।

২৮ অক্টোবৰত মধুপুৰ সত্ৰত সত্ৰশাল ৰামৰায়কুঠী সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰনাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম আৰু উত্তৰ বংগৰ বিভিন্ন সত্ৰ নামঘৰৰ শতাধিক ভকত বৈষ্ণৱ আৰু সত্ৰাধিকাৰৰ উপস্থিতিত হোৱা এখন সাধাৰণ সভাত অসম আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ গুৰুজনাৰ আদৰ্শত বিশ্বাসী লোকসকলৰ মাজত গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰসাৰ প্ৰচাৰ আৰু সমন্বয় অটুট ৰখাৰ বাবে মধুপুৰ সত্ৰ, উত্তৰ বংগ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি গঠন কৰা হয়।

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল দাস আৰু মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতক মুখ্য উপদেষ্টা হিচাপে লৈ গঠন কৰা সমিতিখনৰ সভাপতি হিচাপে জিতেন্দ্ৰনাথ প্ৰধানী আৰু কুমাৰ দীপক দাসক মুখ্য আহ্বায়ক হিচাপে লৈ এখন আঠ জনীয়া তদন্ত সমিতি গঠন কৰা হয়। ২৪-২৫ ডিচেম্বৰত হ'বলগীয়া মধুপুৰ মহোৎসৱত বিভিন্ন সত্ৰীয়া সংস্কৃতিৰ কাৰ্যসূচীৰ এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।

২৮ অক্টোবৰৰ সভাত অসম সত্ৰ মহাসভাৰ উপদেষ্টা উদ্বৱ চন্দ্ৰ দাস, সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন, সত্ৰ মহাসভাৰ সম্পাদক ধীৰাজ দেউৰী, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা সত্ৰৰ হৰিদেৱ দাস, পুলিন কুমাৰ পাঠক, বৰপেটা ৰোড শাখা সত্ৰৰ মন্টো ওজাৰ উপৰিও জিনকাটা সত্ৰৰ সত্ৰাধিকাৰ বিচিত্ৰ নাৰায়ণ ভকতৰ লগতে উত্তৰ বংগৰ মৰিশবাৰী, শ্ৰীৰামপুৰ, পূৰ্বশালবাৰী, ডাঙাৰহাট, ভূজাৰীপাৰা, আমগুৰি আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা মূল ঠাই কাকতকুটা সত্ৰৰ নামঘৰৰ ভকত-বৈষ্ণৱৰ উপৰিও শিমলাঝাৰ আৰু অসম-বংগ সীমান্তৰ গোঁসাইগাওঁ (শ্ৰীৰামপুৰ) নামঘৰৰ ভকতেও অংশগ্ৰহণ কৰে।