ধুবুৰীত মহালয়া উপলক্ষে প্ৰভাত ফেৰী... 
ধুবুৰী

ধুবুৰীত মহালয়া উপলক্ষে প্ৰভাত ফেৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধুবুৰীতো সাজু দেৱী দুৰ্গাক আদৰিবলৈ। আজি মহালয়া উপলক্ষে ৰাতিপুৱা প্ৰায় ৫.৩০ বজাত ধুবুৰী টাউন ক্লাৱৰ উদ্যোগত চণ্ডী পাঠেৰে ধুবুৰী চহৰত প্ৰভাত ফেৰী উলিওৱা হয়।

আজি ধুবুৰী চহৰত উলিওৱা প্ৰভাত ফেৰীত চহৰখনৰ অগণণ ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা দেখা যায়। এই ক্ষেত্ৰত ধুবুৰী টাউন ক্লাৱৰ সভাপতি ডা: দেৱময় সান্নালে সাংবাদিকৰ আগত কয় যে, আজি মহালয়া উপলক্ষে ধৰালৈ দেৱীৰ আগমন হৈছে। দেৱীপক্ষৰ আৰম্ভণি। মা দুৰ্গাই নাশ কৰক অসূয়া অমংগল।

শাৰদীয় উৎসৱৰ বতৰালৈ ধৰালৈ আহিব দেৱী দুৰ্গা। ধৰাৰ বুকুলৈ নামিব দক্ষায়িনী‌ । সেই হিচাপত আজি ধুবুৰীবাসী ৰাইজৰ মাজত এক আনন্দ উৎসৱৰ পৰিৱেশ বিৰাজ কৰা বুলি তেওঁ সাংবাদিকৰ আগত ব্যক্ত কৰে।

আনপিনে আজি ধুবুৰীৰ কালিবাৰী মন্দিৰ প্ৰাংগণতো মহালয়া উপলক্ষে শাৰদীয় উৎসৱৰ আৰম্ভণি কৰা হয়। উক্ত শাৰদীয় উৎসৱৰ আৰম্ভণি অনুষ্ঠানত চণ্ডী পাঠৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।