ধুবুৰী

১৫ বছৰ পিছত ন্যায় পালে মজেৰ আলীৰ পৰিয়ালে, ৯ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰে বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান প্ৰদান কৰে।প্ৰাপ্ত বাতৰি মতে বিলাসীপাৰা মহকুমাৰ টোকৰাবান্ধা লটেয়া গাঁৱত ২০০৯ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড।

গাঁওখনৰ মজেৰ আলী নামৰ ব্যক্তিজনক এদল উদণ্ড লোকে অতি নৃশংসভাৱে হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত মজেৰ আলীৰ পৰিয়ালৰ লোকে চাপৰ থানাত ৫২/২০০৯ নম্বৰত গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে বিলাসীপাৰা মহকুমা আদালতত ছেছন কেছ নম্বৰ ৬৬/১৬ মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে উক্ত লোমহৰ্ষক মজেৰ আলী হত্যাকাণ্ডৰ লগত জড়িত ৯জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

সুদীৰ্ঘ ১৫ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা মজেৰ আলীৰ পৰিয়ালে।হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী ক্ৰমে মজিবৰ ৰহমান, আজিবৰ ৰহমান, নুৰতাজ আলী, কছেৰ আলী, জামাল উদ্দিন, জাহান উদ্দিন, আজাদ আলী, ওচমান আলী আৰু অছিমুদ্দিনক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৮/৩২৩/৩২৫/৩২৬/৩০২ আইপিচি ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।

চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা তপন কুমাৰ ভট্টাচাৰ্যই।। বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া বিচাৰপীঠে প্ৰদান কৰা এই ঐতিহাসিক ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে দুৰ্ভগয়ীয়া পৰিয়ালটোৰ লগতে বিলাসীপাৰাবাসী ৰাইজে।