ধুবুৰী

এখন-দুখন নহয় ১৭ খন কবিতা আৰু প্ৰৱন্ধ পুথি প্ৰকাশ : চৰ্চাত ধুবুৰীৰ এগৰাকী সহকাৰী অভিযন্তা

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এগৰাকী সহকাৰী অভিযন্তাই দৈনিক কৰ্মব্যস্ততাৰ মাজতো ১৭খন কবিতা আৰু প্ৰৱন্ধ পুথি লিখি প্ৰকাশ কৰি অসমীয়া ভাষা, সাহিত্যৰ ভঁৰাল চহকী কৰাত উল্লেখনীয় বৰঙণি আগবঢ়াইছে। ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত তথা ‘ডিমৰু মোৰ আই'খ্যাত কবি দিলাল আহমেদ সাম্প্ৰতিক অসমীয়া কাব্যজগতৰ এটি পৰিচিত নাম।

২০২০ চনত ক'ৰণা মহামাৰীৰ সময়ৰ সদ্ব্যৱহাৰ কৰি ৩খন নিজা আৰু সমসংখ্যক অনুবাদ কবিতাপুথিসহ দুখন গল্পপুথি আৰু প্ৰবন্ধ সংকলনেৰে মুঠ ১০খন গ্ৰন্থৰ পাণ্ডুলিপি প্রস্তুত কৰাৰ আশ্চৰ্যকৰ কাম কৰি চৰ্চালৈ আহে দিলাল আহমেদ। ১৯৬৯ চনৰ ২ এপ্ৰিলত হোজাই জিলাৰ ডিমৰু নদীৰ তীৰত পদুমপুখুৰী গাঁৱত জন্মগ্ৰহণ কৰা দিলাল আহমেদ প্ৰয়াত ছিৰাজুদ্দিন আহমেদ আৰু ছায়জুন নেছাৰ তৃতীয় সন্তান।

পদুম পুখুৰী এল.পি. স্কুল, কপাহবাৰী এম.ই. স্কুলৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলা দিলাল আহমেদে কপাহবাৰী হাইস্কুলৰ পৰা ১৯৮৫ চনত মেট্ৰিক উত্তীৰ্ণ হৈ ১৯৮৯ চনত নগাঁও পলিটেকনিকৰ পৰা ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা গ্ৰহণ কৰিছিল। পিচত ১৯৯০ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ লংকা আৰু ৰহা মহাবিদ্যালয়ৰ পৰা ১৯৯৪ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ১৯৯৯ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। পিচত কপাহবাৰী জুনিয়ৰ কলেজত কিছু দিন অধ্যাপনা কৰাৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ত এবছৰ কাল ওকালতিও কৰিছিল তেঁও।

বৰ্তমান অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অভিযন্তাৰূপে কৰ্মৰত ৷ তেওঁ ডিমৰুপৰীয়া সাহিত্য-সংস্কৃতি মঞ্চ, হোজাইৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে তেঁওৰ সাহিত্য চৰ্চা অব্যাহত ৰাখিছে।

দিলাল আহমেদে লিখি উলিওৱা কবিতা আৰু প্ৰৱন্ধ পুথিসমূহৰ ভিতৰত 'আমাৰ মাই কবিতা লিখিছিল', 'কেনে আছা ভাই', 'এমুঠি ৰ'দৰ বিৰহ', 'ডিমৰু মোৰ আই', 'লকডাউন', কিছু গদ্য, কিছু পদ্য, 'আকউ সমাজবাদ',' অপ্ৰত্যাশিত', 'পুতুলা নাচৰ ইতিকথা' আদি অন্যতম।

খুবেই সুন্দৰ আৰু সাৱলীল ভাষাত কবিতা আৰু প্ৰৱন্ধ পুথিসমূহ লিখি উলিওৱা দিলাল আহমেদে কয় যে, চৰকাৰী বন্ধৰ দিনত আৰু নিশা তেঁও কিছু সময় সাহিত্য চৰ্চা আৰু লিখা-মেলা কৰি ভালপাই বুলি কয়। তেঁও অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত সাহিত্য চৰ্চাটো আজিৰ দিনত খুবেই জৰুৰী হৈ পৰিছে বুলি কয়।