গৌৰীপুৰত আৰক্ষীৰ অভিযান নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী আটক.... 
ধুবুৰী

গৌৰীপুৰত আৰক্ষীৰ অভিযান নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী আটক....

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌৰাংগীমোৰ অঞ্চলত আজি গৌৰীপুৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৯ টা কণ্টেইনাৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন যুৱকজনক মফিজুল হক বুলি চিনাক্ত কৰা হৈছে আৰু তেঁওৰ ঘৰ গৌৰীপুৰৰ মলাতী খামাৰ গাঁৱত বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি যুৱকজনে নিচাজাতীয় সামগ্ৰী তথা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক জনক আটক কৰি গৌৰীপুৰ আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে।