ধুবুৰী

ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত জপিয়াই সন্ধানহীন এজন: অভিযান অব্যাহত

Asomiya Pratidin

ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীত ব্ৰহ্মপুত্ৰত জপিয়াই সন্ধানহীন এজন লোক। চহৰৰ ৩নং ৱাৰ্ডৰ দীনেশ চৌধুৰী (৩২)নামৰ লোকজনে নিশা প্ৰায় ১বজাত ব্ৰহ্মপুত্ৰত জঁপিয়াই সন্ধানহীন হৈ পৰে। সোমবাৰে নিশা মদ্যপান কৰি থকা অৱস্থাত দীনেশ চৌধুৰীয়ে ঘৰত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। পাছত লোকজনে নিশা প্ৰায় ১বজাত ধুবুৰীৰ যোগমায়া ঘাটৰ কাষতে ব্ৰহ্মপুত্ৰ নৈত জঁপিয়াই দিয়ে।

নৈৰ পাৰত থকা স্থানীয় লোকে শব্দ শুনি লগে লগে চিঞৰ-বাখৰ কৰি নদীত নামি দীনেশৰ সন্ধান কৰে যদিও ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ কৰাত মঙলবাৰে পুৱাৰে পৰা আৰক্ষী এছডিআৰএফ বাহিনীয়ে নৈৰ পাৰ ঘাটত অভিযান আৰম্ভ কৰিছে।

এই পৰ্যন্ত দীনেশ চৌধুৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। পৰিয়ালৰ অভিযোগ দীনেশ চৌধুৰীয়ে সকলো সময়তে নিচাত আসক্ত হোৱাৰ লগতে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল। দুটাকৈ কন্যা সন্তানৰ পিতৃ দীনেশে ধুবুৰীৰ এখন গেৰেজত ৰঙৰ কাম কৰিছিল।