ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ সমাৰোহ কাৰ্যসূচী... 
ধুবুৰী

ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ সমাৰোহ কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ধুবুৰী জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। ধুবুৰী পৌৰসভাৰ অন্তৰ্গত এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা ১০০ জন হিতাধিকাৰীয়ে নতুন আৱাসত আজিৰ দিনটোত গৃহ প্ৰৱেশ কৰে।

প্ৰধানমন্ত্ৰীৰ জন্ম দিন উপলক্ষে পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিছন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ধুবুৰীৰ ১ নং ৱাৰ্ডত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰে। উক্ত গৃহ প্ৰৱেশ আৰু গছ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে।

সেই অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী পৌৰসভাৰ পৌৰপতি ড০ দেৱময় সান্নাল,উপ-পৌৰপতি আই.ভি.লতা ৰায়, পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ লগতে চহৰ খনৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উমেশ কুমাৰ ৰয়।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে অহা ২ অক্টোবৰলৈকে ধুবুৰীত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ধুবুৰী পৌৰসভাৰ পৌৰপতি ড০ দেৱময় সান্নালে।