ধুবুৰী

চাপৰত শোকাৱহ পথ দুৰ্ঘটনা: থিতাতে নিহত দুজন, আহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ, চাপৰ: চাপৰ'ৰ মোৱাটাৰীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন আৰু গুৰুতৰভাৱে আহত হয় এজন।

 নিহত যাত্ৰী দুজনৰ নাম ইনামুল হুছেইন, সাহিদুল ইছলাম আৰু আহত ব্যক্তিজনৰ নাম নৌসাদ আলী বুলি জানিব পৰা যায়। আটাইকেইজনৰ ঘৰ ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী টিনটিলা'ৰ বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত আহত ব্যক্তিজনক বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনা গ্ৰন্থ চাৰিচকীয়া ছুইফ্ট ডিজাৰৰ নম্বৰ AS 01 AO 3925 আৰু ট্ৰাকখনৰ নম্বৰ AS 17 C 2141। বঙাইগাঁও অভিমুখে গৈ আছিল ট্ৰাকখন আৰু ঘৰ অভিমুখে চাৰিচকীয়া বাহনখন আহি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ী দুখনৰ লগতে মৃতদেহ উদ্ধাৰ কৰে।