ধুবুৰী

১৮০ টকা কেজিত বিক্ৰী নিষিদ্ধ থাইলেণ্ড মাগুৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: মৎস উদ্যোগৰ বাবে অতিকে বিপদজ্জনক 'থাইলেণ্ড মাগুৰ' নামৰ মাছ বিধৰ ধুবুৰীৰ মাছৰ বজাৰত একাংশ সুবিধাবাদী মাছৰ বেপাৰীয়ে অবাধে বিক্ৰী কৰিছে। ইয়াৰ পাছতো ধুবুৰী মীন বিভাগে এইক্ষেত্ৰত কোনো গুৰুত্বই নিদিয়াত চহৰখনৰ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, ২০০৫ চনতেই ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিছিল থাইলেণ্ড মাগুৰ। কিন্তু বৰ্তমানেও চোৰাংকৈ চলি আছে এই বিধ মাছৰ বিক্ৰী আৰু ইয়াৰ পোনাৰ ব্যৱসায়। এচাম অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশাত চোৰাংকৈ চলাই গৈছে এই নিষিদ্ধ মাছ পোনাৰ ব্যৱসায়।

ধুবুৰীৰ মাছ বজাৰত প্ৰতি কিলোগ্ৰাম থাইলেণ্ড মাগুৰ মাছ ১৮০ টকাত বিক্ৰী হৈ থকাৰ পিচতো ধুবুৰী মীন বিভাগে কোনো ব্যৱস্থা নোলোৱা বিষয়টোৱে চহৰখনৰ সচেতন ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে। আনহাতে এই নিষিদ্ধ থাইলেণ্ড মাগুৰ পুখুৰী নাইবা বিলত সোমাই গ’লে থলুৱা প্ৰজাতিৰ মাছ সমূহ নিঃশেষ হৈ যোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে। এই ক্ষেত্ৰত অতি শীঘ্ৰে ধুবুৰীৰ মাছৰ বজাৰ সমুহত থাইলেণ্ড মাগুৰৰ বিক্ৰী বন্ধ কৰাৰ দাবীত ধুবুৰী জিলা প্ৰশাসনক দাবী জনাইছে ৰাইজে।