সংবাদ মাধ্যমক তথ্য যোগান ধৰাত ব্যৰ্থ বিলাসীপাৰা মহকুমা প্ৰশাসন... 
ধুবুৰী

সংবাদ মাধ্যমক তথ্য যোগান ধৰাত ব্যৰ্থ বিলাসীপাৰা মহকুমা প্ৰশাসন...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ বিলাসীপাৰা মহকুমাখনত স্থায়ী তথ্য আৰু জন-সংযোগ বিষয়াৰ অভাৱত বিলাসীপাৰা জনসংযোগ বিভাগৰ কাৰ্য্যালয়টো কাৰ্যতঃ অস্তিত্ববিহীন হৈ পৰিছে। বিলাসীপাৰা মহকুমাৰ পূৰ্বৰ জনসম্পৰ্কৰক্ষী বিষয়া সুবীৰ দত্ত বদলি হৈ যোৱাৰ পিছৰে পৰা ক্ৰমশঃ স্থবিৰ হৈ পৰিছে এই বিভাগটো।

উল্লেখনীয় যোৱা দুই দশক পূৰ্বে বিষয়াগৰাকী বদলি হৈ যোৱাৰ পিছত প্ৰায় এবছৰৰ বাবে দুগৰাকীকৈ বিষয়াই কাৰ্যভাৰ গ্ৰহণ কৰিছিল যদিও দুইগৰাকী বিষয়াৰ বদলি হোৱাৰ পিছত বিলাসীপাৰাত নিয়োগ কৰা হোৱা নাই স্থায়ী জন-সম্পৰ্কৰক্ষী বিষয়া। তাৰ পৰিৱৰ্তে মহকুমা প্ৰশাসনৰ অইন বিষয়াই জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্ব পালন কৰি অহা দেখা গৈছে।

কিন্তু এইদৰে দায়িত্ব পোৱা বিষয়াসকলে নিজৰ নিজৰ বিভাগৰ কাম-কাজ লৈ ব্যস্ত থাকিবলগীয়া হোৱাৰ সমান্তৰালকৈ জনসম্পৰ্কৰক্ষী বিষয়াৰ কোনো ধৰণৰ পূৰ্ব অভিজ্ঞতা নাই। ফলত অধিকাংশ সময়তেই চৰকাৰী বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠানকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ বিষয়েও সঠিক আৰু সময়মতে বিলাসীপাৰা মহকুমাৰ এই বিভাগটোৰ তৰফৰ পৰা সংবাদ মাধ্যমক যোগান ধৰিবলৈ ব্যৰ্থ হোৱা পোৱা গৈছে।

ইয়াৰ পৰিণতিত চৰকাৰে হাতত লোৱা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামৰ বিষয়টো সঠিক ভাবে ৰাইজৰ মাজলৈ লৈ যাবলৈ সম্পূৰ্ণ ৰূপে অক্ষম হৈছে বিলাসীপাৰা জনসংযোগ বিভাগটোৱে। তাৎপৰ্য্যপূৰ্ণ ভাবে উপ-জিলাখনত স্থায়ী জনসংযোগ বিষয়া নথকাৰ বিষয়টোলৈ জিলা প্ৰশাসন উদাসীনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

বিশেষ সূত্ৰ মতে অসম চৰকাৰে সম্প্ৰতি স্থায়ী কোন মহকুমা জনসংযোগ বিষয়াৰ পদ পূৰণ কৰাৰ পৰা বিৰত ৰাখিছে।আনহাতে বিলাসীপাৰা প্ৰেছ ক্লাৱকে ধৰি আান আন সামাজিক সংগঠনে বিলাসীপাৰা মহকুমা তথ্য আৰু জন-সংযোগ বিষয়াৰ অভাব দূৰ কৰাৰ বাবে বিলাসীপাৰা মহকুমা প্ৰশাসনক দাবী জনাইছে।