বিলাসীপাৰাত তিনিজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত... 
ধুবুৰী

বিলাসীপাৰাত তিনিজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ আজি বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে এক গোচৰৰ ৰায়দান কৰি ৩ বছৰৰ অন্তত ৩ গৰাকী অভিযুক্তক যাৱজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়।

উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত সাপটগ্ৰাম চহৰত ২০২১ চনৰ ৫ মেত গণেশ দে নামৰ এজন ব্যক্তিক ভূমি আৰু পৰিবাৰিক সংঘাতৰ কাৰণত আক্ৰমণ কৰাত লোকজন গুৰুতৰভাবে আহত হৈছিল। আহত লোকজনক তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে গণেশ দেক মৃত বুলি ঘোষণা কৰিছিল।

ঘটনা সন্দৰ্ভত গণেশ দেৰ পিতা গোবিন্দ দেয়ে সাপটগ্ৰাম আৰক্ষী থানাত হত্যাৰ গোচৰ ৰুজু কৰে।উক্ত গোচৰৰ ভিত্তিত সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে ঘটনাৰ তদন্তু আৰম্ভ কৰি হত্যাকাণ্ডৰ লগত জড়িত মহিলাসহ তিনি জন লোকক গ্ৰেপ্তাৰ কৰি ন্যায়িক শাস্তিৰ বাবে প্ৰেৰণ কৰে।

সেই মতে আজি সাপটগ্ৰাম আৰক্ষী থানাৰ গোচৰ নম্বৰ ৩০২/৩৪ আৰু বিলাসীপাৰা মহকুমা আদালতত ২৯/২১ পঞ্জীভুক্ত সত্ৰ গোচৰৰ আধাৰত ৭ গৰাকীৰ সাক্ষ্য গ্ৰহণ কৰি আজি জিলা সত্ৰ ন্যায়াধীশে চূড়ান্ত ৰায় প্ৰদান কৰে।হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত যথাক্ৰমে গোঁসাই দে,অভিজিৎ দে আৰু সন্তোষী দে'ক লৈ মুঠ তিনি গৰাকী অভিযুক্তক দোষী সাব্যস্ত প্ৰমাণ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিধান দিয়া হয়।

চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা তপন কুমাৰ ভট্টাচাৰ্যই।আটাইকেইজনৰ ঘৰ সাপটগ্ৰামৰ ১ নম্বৰ ৱাৰ্ডৰ(পুৰণি) বাসিন্দা। বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া বিচাৰপীঠে প্ৰদান কৰা এই ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে দুৰ্ভগয়ীয়া পৰিয়ালটোৰ লগতে সাপটগ্ৰামবাসী ৰাইজে।