ধুবুৰী

পাৰপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ : ধুবুৰীৰ কাৰাগাৰত বাংলাদেশী দুই যুৱতী

Asomiya Pratidin

ডিজিটেল সংবাদ,ধুবুৰী : চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্তজৰ্জৰ পৰিস্থিতিৰ সময়ছোৱাতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ খবৰ। পোহৰলৈ অহা খবৰ অনুসৰি ধুবুৰী জিলা কাৰাগাৰত ৪মাহৰো অধিক কাল ধৰি দুগৰাকীকৈ বাংলাদেশী যুৱতী ৰঙাঘৰৰ আলহী হৈ কাৰাবাস খাটি আছে।

উল্লেখ কৰা প্ৰয়োজন যে যুৱতী দুগৰাকীক বিলাসীপাৰা আৰক্ষীয়ে যোৱা ২৭ মাৰ্চৰ পুৱা ৭ বজামানত কাজাইকাটা (গুটি পাৰা প্ৰথম খণ্ড) অঞ্চলৰপৰা গ্ৰেপ্তাৰ কৰিছিল। জানিব পৰা মতে, স্থানীয় ৰাইজে সন্দেহৰ ভিত্তিত উক্ত বাংলাদেশী যুৱতী দুগৰাকীসহ তেওঁ লোকৰ সহযোগী এজন ভাৰতীয় যুৱকক গ্ৰেপ্তাৰ কৰিছিল।

তথ্য অনুসৰি বিলাসীপাৰা আৰক্ষীয়ে ৰাইজৰ খবৰৰ ভিত্তিত উক্ত স্থানৰপৰা তিনিওকে একে সময়তে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী যুৱতী দুগৰাকী হৈছে সাৰমিন আক্তাৰ (২৩), পিতৃ-নূৰ হামুদ, গাঁও- আলী নগৰ, থানা- আস্তাগ্রাম, জিলা কিশোৰগঞ্জ (বাংলাদেশ)।

আনগৰাকী হ'ল— ছুফীয়া আক্তাৰ (২৪), পিতৃ- সাজাহান মিঞা, গাঁও- নাৰিকল বাৰিয়া, থানা- ৰাজাপুৰ জিলা- ঝালাকাটি (বাংলাদেশ)। জানিব পৰা মতে, দুয়োগৰাকী বাংলাদেশী যুৱতীয়ে অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত গোৰায়া প্ৰথম খণ্ড গাঁৱৰ ৰফিকুল ইছলাম (২৩) নামৰ যুৱকজনৰ সৈতে সামাজিক মাধ্যমযোগে চিনাকি হয় আৰু তাৰ পাছতে যুৱতীগৰাকীয়ে ৰফিকুলক লগ ধৰিবলৈ পাৰপত্ৰ অবিহনেই ভাৰতত প্রৱেশ কৰে।

ইপিনে, বিলাসীপাৰা আৰক্ষীয়ে ঘটনা সংক্রান্তত ৭৩/২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া সামৰি গোচৰটোৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল কৰে। বিলাসীপাৰা আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদনত যুৱতী দুগৰাকীৰ বিৰুদ্ধে পাৰপত্ৰ এক্ট ১৪ (এ) আৰু আৰ, ডব্লিউ ৬ (এ)/৩ পাৰপত্ৰ(ভাৰতত প্রৱেশ) ধাৰাত গোচৰটোৰ অভিযোগনামা বিলাসীপাৰা মহকুমা ন্যায়িকআদালতত দাখিল কৰে।

আনহাতে, আনজন আচামী ৰফিকুলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযোগ নামাত ১৪ ( চি) পাৰপত্ৰ এক্টৰ ধাৰা সন্নিৱিষ্ট কৰে। ইতিমধ্যে বিলাসীপাৰা ন্যায়িক আদালতৰপৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয় ৰফিকুল।

ইফালে গ্ৰেপ্তাৰ হোৱাৰ ৪মাহ উকলি যোৱাৰ পাছতো আত্মীয় লোক নথকাৰ বাবে জামিন লাভ কৰা নাই বাংলাদেশী যুৱতী দুগৰাকীয়ে। বঙাইগাঁও জিলাৰ ৰফিকুল ইছলামৰ সৈতে চিনাকি হোৱা বাংলাদেশী উক্ত দুই যুৱতীক উত্তৰ প্ৰদেশৰ বেলচাৰ ৰে'ল ষ্টেচনৰপৰা ৰে'লেৰে ধুবুৰীলৈ নি তেওঁলোকক ৰফিকুলে আবদ্ধ কৰি ৰখাৰ কথা আৰক্ষীৰ আগত সাক্ষ্যদান কৰে বাংলাদেশী যুৱতী দুগৰাকীয়ে।

উল্লেখ কৰিব পাৰি যে জামিন নোপোৱাৰ বাবেই এতিয়া কাৰাগাৰৰ বন্ধ কুঠৰিত বিগত চাৰি মাহৰো অধিক সময় ধৰি ন্যায়িক জিম্মাত থাকিবলগা হোৱাত স্বাভাৱিকভাৱেই গৃহ ৰাষ্ট্ৰখনলৈ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই এই দুই বাংলাদেশী যুৱতীয়ে।