ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে আটক কৰিলে দুগৰাকী মহিলা...  
ধুবুৰী

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে আটক কৰিলে দুগৰাকী মহিলা...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সস্তাৰঘাট তৃতীয় খণ্ড এলাকাৰ পৰা বি এছ এফে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দুগৰাকী কৈ মহিলাক আটক কৰা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন মহিলা দুগৰাকীক মন্ত্ৰীৰ চৰৰ জবেদা খাতুন আৰু সস্তাৰঘাট তৃতীয় খণ্ড এলেকাৰ তাহেৰুণ বিবি বুলি জানিব পৰা গৈছে।

সূত্ৰ মতে জবেদা খাতুন নামৰ মহিলাগৰাকীয়ে তেঁওৰ সম্পৰ্কীয় তাহেৰুন বিবিৰ ঘৰত যোৱাৰ পিছতে বি এছ এফ দুয়োকে আটক কৰে। অভিযোগ অনুসৰি জবেদা খাতুনৰ স্বামী আব্দুল বাতেন সৰকাৰ প্ৰায় পোন্ধৰ বছৰ পূৰ্বে ভাৰতৰ পৰা বাংলাদেশলৈ পলাই গৈছিল।

কিছুদিন পূৰ্বে জবেদা খাতুনৰ স্বামী আব্দুল বাতেন সৰকাৰ বাংলাদেশৰ পৰা অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰি সস্তাৰ ঘাটত থকা তাহেৰুন বিবিৰ বাসগৃহত উপস্থিত হৈছিল বুলি সন্দেহ কৰা হৈছে। জবেদা খাতুনে তেঁওৰ স্বামী আব্দুল বাতেন সৰকাৰক লগ কৰাৰ বাবে সস্তাৰঘাটৰ তাহেৰুন বিবিৰ ঘৰলৈ যোৱা বুলি সূত্ৰটোৱে ব্যক্ত কৰিছে।

সেই মতে বি এছ এফে প্ৰাৰম্ভিক তদন্ত চলাই জবেদা খাতুন আৰু তাহেৰুন বিবিক আটক কৰি আজি ধুবুৰী আৰক্ষীক গতাই দিয়ে। ইপিনে জবেদা খাতুনৰ স্বামী আব্দুল বাতেন সৰকাৰে অবৈধ ভাৱে ভাৰত-বাংলা সীমান্তৰে মানুহ পাৰাপাৰ কৰাৰ সন্দেহ ব্যক্ত কৰিছে এটা মহলে।

ঘটনা সন্দৰ্ভত আটকাধীন মহিলাদুগৰাকীক ধুবুৰী সদৰ থানাতে ৰাখি ধুবুৰী আৰক্ষী আৰু বি এছ এফে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আনহাতে জবেদা খাতুনৰ স্বামী আব্দুল বাতেন সৰকাৰ এতিয়া ভাৰতত আত্মগোপন কৰি আছে নে বাংলাদেশলৈ পলাই গৈছে এই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।