ৰঙিয়াৰ ডিমু নবুৰ্কা সত্ৰৰ হীৰকজয়ন্তী মহোৎসৱৰ আৰম্ভণি... 
অসম

ৰঙিয়াৰ ডিমু নবুৰ্কা সত্ৰৰ হীৰকজয়ন্তী মহোৎসৱৰ আৰম্ভণি...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ ডিমু নবুৰ্কা সত্ৰত শুকুৰবাৰৰ বাৰৰ পৰা আৰম্ভ হৈছে ৫ দিনীয়াকৈ দৌল উৎসৱৰ হীৰকজয়ন্তী মহোৎসৱ। পুৱা মহোৎসৱ উপলক্ষে ধৰ্মীয় পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই।

ইয়াৰ পিছতে তেওঁ উপস্থিত ৰাইজক উদ্দেশ্য কৰি উদ্বোধনী ভাষণ ৰাখে। ভাষণ প্ৰসংগত তেওঁ হীৰক জয়ন্তী মহোৎসৱৰ সফল ৰূপায়ণৰ লগতে ৰাজ্যবাসীৰ মঙ্গল আৰু উত্তৰোত্তৰো কামনা কৰে।

ইফালে এই অনুষ্ঠান সন্দৰ্ভত ভৱেশ কলিতাই তেওঁৰ সামাজিক মাধ্যমত লিখিছে এইদৰে- হিন্দু ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ অনুষ্ঠান শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ।প্ৰতিটো বর্ষৰ দৰে এইবেলিও পাঁচদিনীয়া ধৰ্মীয় কার্যসূচীৰে বৃহত্তৰ ডিমু ডোৱক গাঁও পঞ্চায়তবাসী ৰাইজৰ আধ্যাত্মিক কেন্দ্ৰস্থলী ক্ষুদ্ৰ ডিমুস্থিত নবুৰ্কা সত্ৰ প্ৰাংগণত আয়োজিত হীৰক জয়ন্তী বৰ্ষৰ শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ ধৰ্মীয় অনুষ্ঠানভাগিৰ আজি প্ৰথম দিনটোত পতাকা উত্তোলন কাৰ্যসূচীত ভাগ লৈ অসমবাসী ৰাইজৰ মঙ্গলাৰ্থে প্ৰভু শ্ৰী কৃষ্ণৰ শ্ৰী চৰণত সেৱা লওঁ। আশা কৰিছোঁ-এই মহোৎসৱভাগিৰ জৰিয়তে সমাজত শান্তি বিৰাজ কৰাৰ লগতে ধৰ্মৰ খুঁটি মজবুত হওঁক আৰু সকলোৰে মংগল হওঁক তাকে কামনা কৰি মহোৎসৱভাগিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।