ৰঙিয়া বিছেন্নালাত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী আৰম্ভ... 
অসম

ৰঙিয়া বিছেন্নালাত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ সমীপৱৰ্তী বিছেন্নালাত বৃহস্পতিবাৰৰ পৰা হিতসাধিনী সংঘৰ সৌজন্যত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠিত হয় । ১৫ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ যজ্ঞ মন্দিৰ সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা মহোৎসৱত সপ্তমী দিনা উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া।

সাংসদগৰাকীয়ে ধৰ্মপ্ৰাণ ৰাইজৰ আগত আধ্যাত্মিক চিন্তাৰ পৰিবেশ গঢ়ি তোলা মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষৰ সফল কামনা আৰু সমাজত সু-চিন্তা,আধ্যাত্মিকতাৰ যজ্ঞ মহোৎসৱ লৈ ভাষণ প্ৰদান কৰে। পুৱা চাফাই অভিযান, যজ্ঞৰ আহুতি আৰম্ভ,ভাগৱত পাঠ, মহিলাৰ নাগাৰা নামৰ পিছতে সন্ধিয়া বন্তি প্ৰজ্বলন,আৰতি আৰু গোৱালপাৰাৰ কৃষ্ণাই শংকৰ মাধৱ আঞ্চলিক বীৰ নাম দলে নাম পৰিবেশন কৰে।

আনহাতে ষষ্ঠী দিনা পুৱা ৮ বজাত ধৰ্মধব্বজা উত্তোলন কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে। তাৰোপৰি ৭৫ গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে ৭৫ খন ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। স্মৃতি তৰ্পণ,কাৰ্যালয় দ্বাৰ উন্মোচন, বৃক্ষৰোপণ, স্বচ্ছতা অভিযান, ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।

এই অনুষ্ঠানসমূহত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাকে ধৰি গণ্য মান্য ব্যক্তিসকল। বিয়লি ৪ বজাত প্ৰতিমা স্থাপন, মুখ্য গেটৰ দ্বাৰ উন্মোচন কৰে সভাপতি তথা বিধায়ক ভৱেশ কলিতাই। বন্তি প্ৰজ্বলন কৰে সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন বিধায়ক অনন্ত ডেকাই।

তাৰ পিছত বাণিজ্যিক তোৰণ, টোপধব্বনি উদ্বোধন, দ্বাৰ উন্মোচনী সভা, সন্ধিয়া নাগাৰা নাম পৰিবেশন অনুষ্ঠিত হয়। মহোৎসৱৰ অষ্টমী পূজাত পুৱা ১০ বজাত ভাগৱত পাঠ, মহিলাৰ নাগাৰা নাম, সন্ধিয়া সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ অনুষ্ঠান আছে। মাল্যাপৰ্ণ কৰিব বাক্সাৰ সৰ্বশিক্ষাৰ গাণণিক বিষয়া হেমেন কলিতা আৰু কেইবাগৰাকীও প্ৰজ্বালকবৃন্দই।

সন্ধিয়া কণ্ঠশিল্পী আৰোহণ বৰদলৈ,হিয়া মেধিয়ে সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিবেশন কৰিব । আটাইকেইদিন মহোৎসৱত ৰমেন ভট্ট আৰু অনিল কলিতাই মুখ্য নিৰীক্ষক ৰূপে তদাৰক কৰিব।

ইফালে নৱমীত পুৱা স্বচ্ছতা অভিযান, আহুতি আৰম্ভ, ভাগৱত পাঠ, পুৱা ১০:৩০ বজাত নতুন মন্দিৰৰ আধাৰশিলা স্থাপন,জী জোঁৱাই সন্মিলন, সঞ্চালন কৰিব গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা তৃষ্ণা বৰ্মনে। তাৰপিছতে আবেলি স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব।

সভাত উন্মোচক অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাৰ লগতে বিশিষ্ট অতিথি হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱী উপস্থিত থাকিব । বন্তি প্ৰজ্বলনৰ পিছত নিশা বিষ্ণুজ্যোতি নাট্য গোষ্ঠীৰ নাট পৰিবেশন কৰিব ।

আনহাতে কাৰ্যসূচী অনুসৰি দশমীত দিনৰ ১১ বজাত নৱনিৰ্মিত দুমহলীয়া অতিথিশালাৰ দ্বাৰ উন্মোচনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকিব বুলি উপদযাপন সমিতিয়ে জনায় । দুপৰীয়া পুষ্পাঞ্জলী প্ৰদান,মহাভোগ বিতৰণ, বন্তি প্ৰজ্বলন আৰু সন্ধিয়া সদৌ অসম ভিত্তিত অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

আনহাতে একাদশী পূজাত পুৱা স্থানীয় আয়তীৰ নাম পৰিবেশন, আবেলি পুৰুষৰ নাগাৰা নাম, সন্ধিয়া সত্য নাৰায়ণ পূজা, বন্তি প্ৰজ্বলন অনুষ্ঠিত হ'ব। দ্বাদশী দিনা পুৱা অৱশিষ্ট হোম আৰম্ভ, পিছত নিশা ৮ বজাত সাংস্কৃতিক সন্ধিয়াত অসম স্বনামধন্য কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে হীৰক জয়ন্তী বৰ্ষ মহোৎসৱৰ সামৰণি পৰিব ।