অসম

পত্নীসহ দুই সন্তানক এৰি কৰ্মস্থলীতে মৃত্যু BSF জোৱান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিহুত ঘৰলৈ আহি আনন্দ স্ফুটিৰে এসাঁজ খাই কৰ্মস্থলীলৈ যোৱাৰ পিছতে মৃত্যুক সাবতি ল'লে এজন BSF জোৱানে । ডিব্ৰুগড়ৰ কোটোহাৰ গৌতম বাগ্ৰী নামৰ লোকজন শ্বিলঙৰ ১১০ BN BSF জোৱান আছিল । কৰ্মস্থলীতে যোৱা ২৯ এপ্ৰিল তাৰিখে হৃদৰোগত (সন্দেহজনক) আক্ৰান্ত হৈ মৃত্যু হয় ।

আজি তেওঁৰ মৃতদেহ বাসগৃহ আহি পোৱাৰ পিছতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰে । BSF ৰ বাহনত অনা মৃতদেহটো সমদল কৰি গাঁ‌ওবাসীয়ে নিজা গৃহলৈ লৈ যায় । পত্নীসহ দুই সন্তানক এৰি কৰ্মস্থলীতে মৃত্যুক আকোৱালী লোৱা জোৱানৰ মৃতদেহ সন্মুখত দেখি আবেগিক হৈ পৰে পৰিয়ালৰ লোকসকল।

দুই কনমাণি সন্তানক কাষত লৈ আবেগ বিহ্বল হৈ উচুপি উঠে পত্নী । ইয়াৰ পিছতে সম্পূৰ্ণ সামৰিক মৰ্যদাৰে কোটোহাৰ স্মশানত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ।