ডিব্ৰুগড়

ঐতিহাসিক জেৰাই গাঁৱত অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস। ডিব্ৰুগড় জিলাৰ ঐতিহাসিক জেৰাই গাঁৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে দেওবাৰেই জেৰাই গাঁৱত উপস্থিত হৈছিল অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ লগতে সকলো দলৰ কৰ্মী-সদস্যবৃন্দ।

প্ৰতিষ্ঠা দিৱসক উদ্দেশ্যি আজি পুৱাৰ পৰা নাম-প্ৰসংগৰে মুখৰিত হৈছে জেৰাই গাঁৱৰ বাকৰি। চাবুৱাবাসীৰ সহযোগত আৰু জেৰাই গাঁৱৰ ৰাইজৰ আতিথ্যত প্ৰভাতী আৰতি আৰু পতাকা উত্তোলনৰ পাছতে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় ৷

আজিৰ প্ৰতিষ্ঠা দিৱসতে দলটোৱে আগন্তুক দিনৰ বাবে নতুন সংকল্প গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। অনুষ্ঠানৰ মুকলি সভাত অংশ লব অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ কেন্দ্ৰীয় সম্পাদক তথা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, আগন্তুক নিৰ্বাচনক লৈ দলটোক সাজু কৰিছে নেতৃত্বই। তদুপৰি ২০২৬ ৰ বাবে অগপই শক্তি সঞ্চয় কৰা বুলি দলীয় নেতৃত্বই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শীঘ্ৰে দলটোত সদস্য ভৰ্তি অভিযান আৰম্ভ হব। অনলাইন-অফলাইন দুয়োটা পদ্ধতিৰে দলত সদস্য ভৰ্তি কৰা হব বুলি জনাই দলীয় নেতৃত্বই।

উল্লেখযোগ্য যে, অগপৰ প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত দলটোত যোগদান কৰিব আলফা স্বাধীনৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ বৰুৱাই। ইতিমধ্যে জেৰাই গাঁৱত উপস্থিত হৈছে বৰুৱা। ইফালে আলোচনাপন্থী আলফাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাৰম্ভিক চুক্তি সম্পাদনৰ পাছত এই গোটটোৰ সদস্য সকলে নিৰ্বাচনী ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিব নেকি তাকে লৈও শেহতীয়াকৈ ব্যাপক চৰ্চা অব্যাহত আছিল।