ডিব্ৰুগড়

ডিব্ৰুগড়ৰ জকাই বি এন প্ৰসাদ শংকৰদেৱ বিদ্যা নিকেতনত দুষ্কৃতিকাৰীৰ অতপালি

Asomiya Pratidin

ডিজিটেল সংবাদ,বৰবৰুৱা : ডিব্ৰুগড়ৰ জকাই বি এন প্ৰসাদ শংকৰদেৱ বিদ্যা নিকেতন শিক্ষানুষ্ঠানত কোনো দুষ্ট প্ৰকৃতিৰ লোকে তাণ্ডৱ চলোৱা ঘটনা পোহৰলৈ আহিছে। জানিব পৰামতে বিদ্যালয়খনৰ বিভিন্ন আচ-বাব দুষ্ট প্ৰকৃতিৰ লোকে ভাঙি-ছিঙি, লণ্ড-ভণ্ড কৰে।

ইয়াৰোপৰি বিদ্যালয়ৰ বহু যাৱতীয় নথি পত্ৰৰো ক্ষতিসাধন কৰে। এই সমগ্ৰ ঘটনাৰ আঁৰত স্থানীয় লোক এজন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয়ৰ প্ৰধানাচাৰ্য্যই। সোনোৱাল উপাধিৰ লোক এজনে এই কাণ্ডৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে উক্ত লোকজনে পূৰ্বেও বিদ্যালয়খনৰ প্ৰধানাচাৰ্য্যক মৃত্যুৰ ভাবুকি প্ৰদান কৰি অহাৰ উপৰিও মানসিকভাৱে অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । এই সন্দৰ্ভত ইতিমধ্যে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনাইছে।