ডিব্ৰুগড়ৰ জকাই মহমাৰীত উদ্ধাৰ পোৱালী নাহৰফুটুকীঃ আঘাতপ্ৰাপ্ত বনকৰ্মী... 
ডিব্ৰুগড়

ডিব্ৰুগড়ৰ জকাই মহমাৰীত উদ্ধাৰ পোৱালী নাহৰফুটুকীঃ আঘাতপ্ৰাপ্ত বনকৰ্মী...

Asomiya Pratidin

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল জকাইত নাহৰফুটুকী বাঘে একপ্ৰকাৰে সন্ত্ৰাস তথা আতংকৰ সৃষ্টি কৰি আহিছে। এনে আতংকৰ মাজতে ডিব্ৰুগড়ৰ মহমাৰীৰ চাহ বাগিচা অঞ্চলত স্থানীয় লোকে বৃহস্পতিবাৰে প্ৰত্যক্ষ কৰে এটা পোৱালি নাহৰফুটুকী।

লগে লগে এই বিষয়ে স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোকেও ততালিকে সেই স্থানত গৈ উপস্থি হৈ পোৱালি নাহৰফুটুকীটো উদ্ধাৰ কৰে। আৰু পৰৱৰ্তী সময়ত সুৰক্ষিত বনাঞ্চলত পুনৰ মুকলি কৰি দিয়ে।

অৱশ্যে নাহৰফুটুকী পোৱালিটো উদ্ধাৰ কৰাৰ সময়ত বন বিভাগৰ এজন কৰ্মীও আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে পোৱালিটো উদ্ধাৰ কৰাৰ সময়তে বনকৰ্মীজনক আছুৰি আঘাতপ্ৰাপ্ত কৰে নাহৰফুটুকীটোৱে।