ডিব্ৰুগড়

চিকিৎসক দম্পতীৰ বিৰুদ্ধে বন কৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা। ডিব্ৰুগড়ৰ জেষ্ঠ চৰ্মৰোগ চিকিৎসক দেৱজিৎ দত্ত পত্নী ববি কলিতাৰ বিৰূদ্ধে বন কৰা কিশোৰীক অ-মানৱীয় নিৰ্যাতন চলোৱাৰ অভিযোগ পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি ড.দেৱজিৎ দত্ত আৰু তেওঁৰ পত্নী ববী কলিতাৰ গৃহত বন কৰা ছোৱালীক দীৰ্ঘদিনৰ পৰাই নিৰ্যাতন চলাই আহিছে। এই  সন্দৰ্ভত চিডব্লিউচিয়ে তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়েU/S:352,342,326,506,34IPC, RW sec 75/79 JJ act. RW 14 of child adulation labour prohibition and regulation act. Case no 136/24 গোচৰৰ জৰিয়তে ববী কলিতাক  গ্ৰেপ্তাৰ কৰিছে।

ইফালে বন কৰা কিশোৰী গৰাকীৰ উদ্ধাৰ কৰি বৰ্ত্তমান চিকিৎসা কৰা হৈছে। আনহাতে ড.দেৱজিৎ দত্ত বৰ্তমান পলাতক অবস্থাত  আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।