ডিব্ৰুগড়

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৪ আহত ১জন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিগবৈৰ গোলাইত ভয়ংকৰ পথ দুৰ্ঘটনা । গোলাই টাৰ্মিনেলৰ সন্মুখত এডাল গছত খুন্দামাৰে এখন টিয়াগ’ বাহনে । বাহনখনত দুগৰাকী মহিলা, ৩জন পুৰুষ আছিল । দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৪ জনকৈ লোক । এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহতজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বিয়া খাই ঘৰলৈ উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে । নিহত কেইজন হৈছে জাগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিছা গুপে, সুভাষ গুপে আৰু আন গৰাকী হৈছে সাধনা গুপে ।