লাহোৱাল আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী... 
ডিব্ৰুগড়

লাহোৱাল আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ লাহোৱালঃ লাহোৱাল আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম বিজিত শইকীয়া।

আৰক্ষীয়ে বিজিতৰ পৰা জব্দ কৰিছে ২ গ্ৰাম ড্ৰাগছৰ লগতে এ এছ ০৬ এইছ ৪০৮৫ নম্বৰৰ এখন মাৰুতী ৮০০ বাহন। জানিব পৰা মতে আৰক্ষীয়ে টেঙাঙখাটৰ ৰংপুৰীয়া পথৰ পৰা তেওঁক আটক কৰিছে।

উল্লেখ্য যে, বিজিত শইকীয়া নামৰ এই ড্ৰাগছ সৰবৰাহকাৰীটো প্ৰায় ৪ মাহ ধৰি ডিব্ৰুগড়ৰ কুমাৰণিছিগাৰ এজন লোকৰ ভাড়া ঘৰত ভাড়াতীয়া হিচাপে আছিল। এই ভাড়াঘৰটোত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ ৰখা এটা বাকচো লাভ কৰিছে।

ইফালে এই ড্ৰাগছ সৰবৰাহকাৰীটো স্থানীয় ৰাইজৰ ৰোষতো পৰে। স্মৰ্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আশে-পাশে বহু লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি একাংশই এইদৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। সেয়ে শীঘ্ৰে স্থানীয় প্ৰশাসনক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।