ডিব্ৰুগড়

বৰবৰুৱাত নিচাযুক্ত সামগ্ৰীৰ লগতে চলিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বৰবৰুৱা অঞ্চলৰ বিভিন্ন ঠাইত দ্ৰুত গতিত বাঢ়িব ধৰিছে অবৈধ মদ,ভাং, জুৱাৰ আড্ডাৰ লগতে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।বিগত দিনবোৰত বৰবৰুৱা আৰক্ষী থানাই স্থানীয় ৰাইজৰ সহযোগত কেইবাজনো এনে অনৈতিক কাৰ্যৰ লগত জড়িত ব্যক্তিক ইতিমধ্যে আটক কৰিছে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আশে পাশে গঢ়ি উঠা ভাড়াঘৰসমূহত বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী যুৱক ভাৰাতিয়া হিচাবে থাকিবলৈ লয় । উঠি অহা যুৱক যুৱতী সকলৰ মাজতো মাৰাত্মক ড্ৰাগছৰ দৰে দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়ি অহা পৰিলক্ষিত হৈছে।

ফলত এচাম দুষ্টচক্ৰৰ বাবেই বহু যুৱক যুৱতী আন্ধাৰৰ পথ প্ৰশস্ত কৰিবলগীয়া হৈছে।এইক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বৰবৰুৱা আৰক্ষী প্ৰশাসনক অধিক তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৰবৰুৱা সচেতন মহলে।