ডিব্ৰুগড়

লেপেটকটাত ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ বাঁহৰ অনুষ্ঠানৰ লাইখোটা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱাঃ ডিব্ৰুগড়ৰ লেপেটকটা কছাৰী গাঁৱৰ উদ্যোগত তথা বৰবৰুৱাবাসী আৰু ডিব্ৰু-শদিয়ালবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ১২,১৩,১৪ আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লেপেটকটা গাঁৱৰ খেলপথাৰত আয়োজন কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্রভুজনাৰ বাঁহৰ অনুষ্ঠান।

এই অনুষ্ঠানৰ লাইখোটা স্থাপন কৰে ডিব্ৰুগড়ৰ কছাৰিবাৰী গাঁওস্থিত আউনিআটী শাখা সত্ৰৰ নামাচাৰ্য মন্দ্বীপ বৰুৱাই আৰু লগত সহযোগ কৰে বৰবৰী মেধি মনোজ সোনোৱালে। এই অনুষ্ঠানত বৰবৰুৱা অঞ্চলৰ শতাধিক পুৰুষ মহিলা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। জকাই,মধুপুৰ, জামিৰা আৰু বৰবৰুৱা অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠানত অংশগ্ৰহন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।