ডিব্ৰুগড়

ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত শ্ৰমিক স্বাক্ষৰ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ মঙলবাৰে ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, আটছা আৰু অটুৱা ডিব্ৰুগড় জিলা সমিতি আৰু বৰবৰুৱা শাখা সমিতি তথা বৰবৰুৱা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত শ্ৰমিক স্বাক্ষৰ অভিযান অনুষ্ঠিত হয়। ভাৰতত ব্ৰিটিছ চাহ কোম্পানীৰ শোষণ, অত্যাচাৰ আৰু স্বাধীন ভাৰতৰ ৰাজনৈতিক দলসমূহে কৰা ভোট বেংক ৰাজনীতিয়ে জনগোষ্ঠীটোৰ মাজত নিহিত হৈ থকা সম্ভাৱনাখিনিক পৰিকল্পিত ভাবে নিঃশেষ কৰাৰ যেন এক ষড়যন্ত্ৰ চলাই নিয়াৰ অভিযোগ অসম চাহ জনজাতি মহিলা সমিতিৰ।

৩ মাহৰ ভিতৰত প্ৰায় ১০লাখ চাহ শ্ৰমিকৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰে অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় বিষয়াসকলে। বাগিচাৰ শ্ৰমিকৰ আইনৰ ধাৰা ১৫ আৰু বিধি ৬৬ সংশোধন কৰি প্ৰতিগৰাকী শ্ৰমিকক কোৱাটাৰ আৰু বাসগৃহৰ সৈতে মাটি পট্টা দিয়াৰ ব্যৱস্থাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰো দাবী উত্থাপন কৰে বিষয়াসকলে।