দুলীয়াজানত অগ্নিকাণ্ডঃ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো দুৰ্ঘটনাগ্ৰস্ত... 
ডিব্ৰুগড়

দুলীয়াজানত অগ্নিকাণ্ডঃ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো দুৰ্ঘটনাগ্ৰস্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুলীয়াজানত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । দুলীয়াজানৰ ১ নং চলাকটকী অঞ্চলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীৰ নাম সুন্দৰ কলিতা। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

জুই নিৰ্বাপন কৰি উভতি অহাৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহনখনো দুৰ্ঘটনাগ্ৰস্থ হয়। বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ফলত অগ্নিনিৰ্বাপক বাহিনীৰ বাহখন ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়।

এই দুৰ্ঘটনাত তিনিগৰাকীকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আহত হয় বুলি জানিব পৰা গৈছে। ইফালে কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল তাৰ প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।