ডিব্ৰুগড়

সাৱধান! ঋণ দিয়াৰ প্ৰলোভনেৰে সামাজিক মাধ্যমত জাল মেলিছে প্ৰবঞ্চকে..

Asomiya Pratidin

ডিজিটেল সংবাদ,নামৰূপঃ সময়ে সময়ে প্রবঞ্চকে বিভিন্ন প্ৰকাৰে জাল পেলাই সহজ সৰল ৰাইজৰ পৰা ধন লুট কৰা ঘটনা বৰ্তমান সৰ্বজন বিদিত। বেংকৰ এটিএম পিন ব্লক হোৱাৰ অজুহাতেৰে,কে ওৱাই চি বিচাৰি গ্ৰাহকক ফোন কৰি দুৰ্বল গ্ৰাহকক জালত পেলাই লাখ লাখ টকা একাউণ্টৰ পৰা লুটি নিয়া ঘটনা প্ৰায়েই সংঘটিত হৈছে।

বৰ্তমান সামাজিক মাধ্যমত লাখ লাখ টকা ঋণ দিয়াৰ প্ৰলোভনেৰে বিভিন্ন ফাইনেন্স কোম্পানীৰ বিজ্ঞাপন প্ৰচাৰ কৰিছে। এই বিজ্ঞাপনত সহাঁৰি জনাই বহুজনে নিজৰ তথ্য পান কাৰ্ড, আধাৰ কাৰ্ড পৰ্যন্ত আদান প্ৰদান কৰিছে।ইয়াৰ পিছতে সিফালৰ পৰা ঋণৰ প্ৰচেচিং চাৰ্জ আদিৰ নামত ধন দাবী কৰে। ইয়াৰোপৰি কেৱল পাঁচ মিনিটৰ ভিতৰতে গ্ৰাহকৰ একাউণ্টত আবেদন কৰা ধন ৰাশি সোমাই যাব বুলি গ্ৰাহকক আশ্বস্ত কৰে।কিন্তু প্ৰছেচিং চাৰ্জ লৈ প্ৰবঞ্চক উধাও হয়। সম্প্ৰতি অসমৰ বিভিন্ন স্থানত এনে ঘটনা সংঘটিত হৈছে।

লাখ লাখ টকা ঋণ দিয়াৰ অজুহাতেৰে গ্ৰহকলৈ জাল পেলাইছে প্ৰবঞ্চকে। ফেচবুক আদি সামাজিক মাধ্যমত চৰকাৰী,বেচৰকাৰী বেংক,ব্যক্তিগত ফাইনেন্স কোম্পানী আদিয়ে কেৱল আধাৰ কাৰ্ডৰ ভিত্তিত ৫ লাখৰ পৰা এক কোটি পৰ্যন্ত ঋণ দিয়াৰ লোভ দি বহু গ্ৰাহকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে এনেদৰে বহুল ভাৱে প্ৰচাৰিত অনলাইন ঋণ সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান সমূহে মিছা,প্ৰবঞ্চনা বুলি অৱগত কৰি সাধাৰণ ৰাইজক এনে প্রবঞ্চকৰ কবলত নপৰিবলৈ আহ্বান জনায়।