ডিব্ৰুগড়

সুৰাসক্ত পুত্ৰৰ তাণ্ডৱ! নিজ মাতৃয়ে হত্যা কৰিলে বাবা গগৈক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মৰাণত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ নিজ মাতৃয়ে হত্যা কৰিলে পুত্ৰক ৷ বৃহস্পতিবাৰে নিশা খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

মৃত্যু হোৱা যুৱকজন প্ৰয়াত ভীম গগৈৰ পুত্ৰ বাবা গগৈ (৩৫)। বৃহস্পতিবাৰে নিশা কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰে নিজ মাতৃ কুঞ্জলতা গগৈয়ে (৫৫) ৷

জানিব পৰা মতে দীৰ্ঘদিনে সুৰাসক্ত পুত্ৰই মাতৃক অত্যাচাৰ কৰি আহিছিল । যাৰ বাবে এই কাণ্ড সংঘটিত কৰে তেওঁ। ইতিমধ্যে অভিযুক্তক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।