বিধায়ক তৰংগ গগৈৰ নেতৃত্বত গৰু চুৰি চক্ৰ আৰু গো-মাংসৰ ঘাটি উৎখাত... 
ডিব্ৰুগড়

বিধায়ক তৰংগ গগৈৰ নেতৃত্বত গৰু চুৰি চক্ৰ আৰু গো-মাংসৰ ঘাটি উৎখাত...

চাৰিটাকৈ গৰু নিধন কৰি গো-মাংস বিক্ৰীৰ চেষ্টা

Asomiya Pratidin

ডিজিটেল সংবাদ নাহৰকটীয়াঃ নাহৰকটীয়া নগৰৰ মাজমজিয়াত অবৈধভাৱে গো-ধন নিধন কৰি গো-মাংস বিক্ৰী কৰা এটা চক্ৰক উৎখাত কৰা হয়। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু নাহৰকটীয়া থানা কমিটীৰ সভাপতি গকুল বড়াৰ নেতৃত্বত বিজেপিৰ কাৰ্যকৰ্তাসকলে নাহৰকটীয়া নগৰৰ মাজমজিয়াৰ ভূঞা পট্টীত উৎখাত কৰে অবৈধ গো-মাংস বিক্ৰী কৰা চক্ৰটোক।

চাৰিটাকৈ গৰু নিধন কৰি গো-মাংস বিক্ৰীৰ চেষ্টা চলাওতেই উৎখাত কৰা হয় এই চক্ৰটোক। নিধন কৰা চাৰিটাকৈ গৰু চুৰি কৰি অনা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বিধায়ৰ নেতৃত্বত বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত হোৱাৰ লগে লগে দুষ্ট চক্ৰটোৱে পলায়ন কৰে।

এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক তৰংগ গগৈয়ে কয় যে, এয়া সঁচাকৈ এটা নিন্দনীয় ঘটনা। নাহৰকটীয়া নগৰৰ মাজমজিয়াত, মন্দিৰ, নামঘৰ আদি থকা ঠাইত এনেধৰণৰ ঘটনা হ’ব নালাগিছিল। নৱৰাত্ৰী চলি আছে, সন্মুখত দুৰ্গা পূজা এনেসময়ত যদি এনেধৰণৰ ঘটনা কেতিয়াও শোভা নাপায়। আজি পুৱা মই নিজেই দেখা পাইছো চাৰিটা গৰু কাটি থকা। নাহৰকটীয়া চহৰখনৰ কাৰণে এয়া এটা খুবেই বেয়া বাৰ্তা। পূজাৰ এনেকুৱা সময়তেই যদি কাটিব পাৰে, তেওঁলোকে ১২ মাহেই এই ব্যৱসায় চলাই আহিছে। মই ভাবো প্ৰশাসনে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আগলৈ যাতে এনেধৰণ ঘটনা নহয়, তাৰ বাবে চৰকাৰে নিশ্চয় ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই এই বিষয়ে অৱগত কৰিছো। আইনৰ ধাৰা মতে এই ঘটনাত জড়িসকলৰ শাস্তি হ’ব বুলি বিধায়কগৰাকীয়ে আশা ব্যক্ত কৰে।

আনহাতে, থানা কমিটীৰ চেয়াৰমেন গকুল বড়াই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়। তেওঁ কয় যে, চুৰি কৰি আনি গো-ধন নিধন কৰা, গোমাংস বিক্ৰী কৰা এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা ইয়াত হৈ থাকে বুলি ৰাইজে আমাক জনাইছে। আজি খুব বেয়া লাগিছে যে চাৰিটাকৈ গো-ধন নিধন কৰা হ’ল, আমি বচাব নোৱাৰিলো। এনেধৰণৰ ঘটনাই সৰু চহৰখনত থকা লোকসকলৰ মাজত থকা সাতামপুৰুষীয়া মিলাপ্ৰীতিত আউল লগাব পাৰে।

উল্লেখ্য যে নাহৰকটীয়া ভূঞা পট্টীৰ ৰফিউল হুছেইন ভূঞাৰ পুত্ৰ ছফিউল হুছেইন ভূঞাই চুৰি কৰি আনি এই গোধনসমূহ নিধন কৰি গো-মাংসৰ ৰমৰমীয়া বেহা চলাই আহিছিল। দীৰ্ঘদিন ধৰি ছফিউল হুছেইন ভূঞাৰ নেতৃত্বত গৰু চুৰি চক্ৰটোৱে নিশা ৰাজপথৰ পৰা গোধনসমূহ উঠাই নি প্ৰতি সপ্তাহৰ শুকুৰবাৰ আৰু দেওবাৰে এই গো-ধনসমূহ নিধন কৰি গো-মাংসৰ ৰমৰমীয়া বেহা চলাই গৈছিল।

মাত্ৰ কেইদিনমানৰ পূৰ্বে গৰু চুৰি গোচৰত জামিন লাভ কৰি জে’লৰ পৰা ওলাই আহি পুনৰ গৰু চুৰি আৰু গো-মাংসৰ ৰমৰমীয়া বেহা চলাই গৈছে ছফিউল হুছেইন ভূঞা এণ্ড কোম্পানীয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গো-মাংসসমূহ জব্দ কৰাৰ লগতে চুৰি গৰু উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।