প্ৰতীকি ফটো 
ডিব্ৰুগড়

নামৰূপত ধুমুহাত কৰুণ মৃত্যু এজনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপ : দেওবাৰে নিশা প্ৰায় ৮ বজাৰ পৰা অহা এজাক বিধ্বংসী ধুমুহাই নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত বহু অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। বিধ্বংসী ধুমুহাজাকৰ ফলত নিগাম অঞ্চলৰ মূল পথত গছ পৰি এজন লোকৰ থিতাতে মৃত্যু হয়। তদুপৰি কেইবাখনো গাঁৱত গাঁওবাসীৰ ঘৰ-দুৱাৰ গছ গছনি ভাঙি টছনছ কৰে বিধ্বংসী ধুমুহাজাকে। যি খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ঘটনাৰ বিৱৰণ মতে, দেওবাৰে নিশা হঠাৎ প্ৰচণ্ড ধমুহাৰ লগতে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ দিয়ে অঞ্চলটোত। যাৰ ফলত নিগাম তিনি আলিত ধুমুহাত উভালি পৰে এজোপা বৃহৎ গছ। গছজোপাৰ হেঁচাত এগৰাকী মটৰচাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। উক্ত ব্যক্তিগৰাকী ৰুকং চাহ বাগিচাৰ বৰ লাইনৰ বাসিন্দা চুৱেদুৰ ক্ষত্ৰীয় বুলি জানিব পৰা গৈছে। মৃতকৰ পৰিয়ালৰ পৰা জানিব পৰা মতে,  ৩৫ বছৰীয়া  ক্ষেত্ৰীয়ই উমতাৰ চাহ বাগিচাৰ পৰা মটৰ চাইকেলেৰে গৃহমুখে আহি থাকোঁতে বাটতে বতাহ-বৰষুণৰ সন্মুখীল হয়।

দুৰ্ভাগ্যজনক যে, নিগাম তিনিআলি পাওতেই তেওঁ ওপৰত পথৰ কাষৰ বৃহৎ গছ এজোপা উভালি হেঁচা মাৰি ধৰে। যাৰ বাবে থিতাতে ব্যক্তি গৰাকীয়ে মৃত্যুক সাৱটি লয়। উল্লেখ্য যে, নিশাই নামৰূপ আৰক্ষীয়ে নিগামৰ পৰা মৃতদেহ উদ্ধাৰ কৰে আৰু সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

আনহাতে নিশাৰ প্ৰচণ্ড ধুমুহাত বহু গাঁৱত গাঁওবাসীৰ বাৰীৰ ফল-মূলৰ গছৰ লগতে বিভিন্ন গছ-গছনি ভাঙি তচনচ কৰে। বহুলোকৰ ঘৰৰ টিনপাট উৰুৱাই নি ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন কৰে। ইফালে ধুমুহাৰ ফলত গছ-গছনি ভাঙি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰাৰ লগতে ৰাজপথৰ ওপৰত পৰাত সমগ্ৰ নামৰূপ অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ লগতে বন্ধ হৈ পৰে যাতায়ত।