ডিব্ৰুগড়

ফুলামপুৰৰ সৰবৰাহী মহিলা নীৰলতা গোহাঁইৰ দেহাৱসান...

Asomiya Pratidin

ডিজিটেল সংবাদঃ মদাৰখাত ফুলামপুৰ গাঁৱৰ সৰবৰাহী মহিলা তথা ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী নীৰলতা শইকীয়াৰ বুধবাৰে নিজা বাসগৃহতে দেহাৱসান ঘটে৷ জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা নীৰলতা গোহাঁইৰ স্বাস্থ্য বুধবাৰে নিশা অধিক অৱনতি ঘটাৰ পিছতে মৃত্যুবৰণ কৰে ৷

নীৰলতা গোহাঁই মৃত্যুৰ সময়ত বয়স আছিল ৮১বছৰ ৷ নীৰলতা গোহাঁই বৃহত্তৰ মদাৰখাত অঞ্চলৰে এগৰাকী অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক ক্ষুদ্ৰেশ্বৰ গোহাঁইৰ পত্নীৰ লগতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁইৰো মাতৃ ৷

সৰবৰাহী মহিলা নীৰলতা শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে মটক যু্ৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁইৰ লগতে পৰিয়ালৰ লোকসকলক মটক যুৱ ছাত্ৰ সন্মিলনৰ বিষয়ববীয়া তথা সদস্যসকলে সমবেদনা জ্ঞাপন কৰিছে।