নামৰূপত অবৈধ শিল খাদানত পৰি প্ৰাণ হেৰুৱালে এজনে... 
ডিব্ৰুগড়

নামৰূপত অবৈধ শিল খাদানত পৰি প্ৰাণ হেৰুৱালে এজনে...

Asomiya Pratidin

ডিজিটেল সংবাদ নামৰূপঃ চাৰিওফালে বানপানী আৰু প্ৰবল বৰষুণে সাধাৰণ জীৱন ব্যাহত কৰাৰ সময়তে নামৰূপৰ চাইক্য গাঁৱত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। নামৰূপৰ চাইক্য গাঁৱৰ অবৈধ শিলৰ খাদানত পৰি এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

নিহত লোকজন নাম মিলন কুজুৰ বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰত প্ৰকাশ যে শুকুৰবাৰে নিশা মিলন কুজুৰ আৰু তেওঁৰ ১৩ বছৰীয়া পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু নিশাই মিলন কুজুৰৰ পুত্ৰ ঘৰৰ পৰা ওলাই যায়।

ইফালে নিশা পুত্ৰক বিছাৰি ওলাই যোৱা মিলন কুজুৰ নামৰ লোকজন নিশাৰ পৰা সন্ধানহীন হৈ পৰাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে। পুৱাই চাইক্য গাঁৱৰ গাওঁ প্ৰধানে আৰক্ষীক খবৰ দিয়াত আজি পুৱা ঘটনাস্থলীত নামৰূপ আৰক্ষীৰ দল আৰু নাহৰকটীয়া চক্ৰ বিষয়া উপস্থিত হয়।

NDRFৰ সহযোগত অবৈধ শিলৰ খাদানৰ পৰা মিলন কুজুৰৰ মৃতদেহ উদ্ধাৰ কৰে।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, নামৰূপ চাইক্য গাঁৱত গঢ়লৈ উঠিছে অবৈধ শিলৰ খাদান। চাইক্য গাঁৱৰ একাংশ লোকে অবৈধ ভাবে শিলৰ খাদান স্থাপন কৰি এই খাদানসমূহৰ পৰা শিল আহৰণ কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ লগতে চৰকাৰ তথা বন বিভাগক কৰ ফাঁকি দি আহিছে।

পিছে সকলো দেখিও নিশ্চুপ হৈ থাকে নামৰূপ তথা জয়পুৰৰ বন বিভাগ। এনে অবৈধ খাদানত প্ৰতিবছৰে পৰি কৰুণ মৃত্যুক সাৱটি লয় গাওঁখনৰে সাধাৰণ লোকে। দেওবাৰৰ এই কৰুণ ঘটনাৰ পিছত বন বিভাগ আৰু স্থানীয় প্ৰশাসনক অবৈধ খাদানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয়লোকে দাবী জনাইছে।