ডিব্ৰুগড়

বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ডিব্ৰুগড় : ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে দুজন বাইক আৰোহী নিহত হয় হোৱা বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ পৰা ধেমাজিৰ অভিমুখে AS-12 A-B2517 নম্বৰৰ বাইকখনত দুজন যুৱক গৈ থকা অৱস্থাত বিপৰীত দিশৰ অহা TATA TIAGO AS -07-T- 3274 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে নিহত যুৱক দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত বগীবিল আৰক্ষী উপস্থিত হৈ তদন্ত অব‍্যাহত ৰাখিছে।